অসম

বালিপৰাত জৰাসৰ নদীৰ প্ৰলয়ংকৰী বানে বুৰালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বৃহৎ অঞ্চল

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰৱল ৰূপত বাঢ়ি অহা জৰাসৰ নদীয়ে শনিবাৰে শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলৰ বিস্তীৰ্ণ এলেকা বুৰাই পেলায়। জৰাসৰ নদীৰ প্ৰলয়ংকৰী বানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথো বুৰাই পেলোৱাত যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হয়। আনহাতে সমগ্ৰ বালিপৰা অঞ্চলৰ শতাধিক বাসগৃহও জৰাসৰ নদীৰ বানে প্লাৱিত কৰে।