- তেজপুৰৰ বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান।
- বৰাৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে তেজপুৰত।
- শনিবাৰৰ নিশা তেজপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।
- জীৱন বৰা আছিল জ্যোতি ভাৰতীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
- তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে তেজপুৰৰ বাসগৃহত উপস্থিত হয় অগণন গুণমুগ্ধ।
- বহু শিল্পী, দল-সংগঠনে জীৱন বৰাৰ নশ্বৰ দেহত জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি।