অসম

ভাৰত ৰত্ন সন্দৰ্ভত তেজ হাজৰিকাৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মমতা বেনাৰ্জীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ লগতে সোমবাৰে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই টেলিফোনযোগে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা 'ভাৰত ৰত্ন' সন্মান গ্ৰহণ নকৰো বুলি জনোৱা খবৰ প্ৰকাশ পোৱাৰ পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ সুধাকণ্ঠৰ পুত্ৰৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনায়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'সুধাকণ্ঠ ভূপেন হাজৰিকাক আমি বহু ভাল পাওঁ। তেওঁৰ পৰিয়ালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভাৰত ৰত্ন সন্মান গ্ৰহণ নকৰাৰ সিদ্ধান্তক আমি সমৰ্থন জনাইছো। তেওঁলোকৰ আৱেগক আমি বুজি পাওঁ। আমিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো। এই বিধেয়কৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে মোডী চৰকাৰে।'