অসম

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষাৰ সময়সূচী সলনি..

asomiyapratidin

ডিজিটেল ডেস্কঃ ২৪ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা। বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষাৰ পুনৰ নিৰ্ধাৰিত সময়সূচী হৈছে ৩১ অক্টোবৰ, ২০২১।

উল্লেখ্য যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা ২৪ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ সময়সূচী নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু অনিবাৰ্য কাৰণত এই সময়সূচী পৰিবৰ্তন কৰি ৩১ অক্টোবৰত নিৰ্ধাৰণ কৰিছে। উক্ত দিনাই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব।