অসম

কাৱৈমাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ চাঁওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ শোনিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত কাৱৈমাৰীত তিনিদিনীয়া কাৰ্য্যসুচীৰে আৰম্ভ হৈছে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ একাদশ বাৰ্ষিক অধিৱেশন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা অহা প্ৰতিনিধি সকলক উপস্থিতিৰে উদুলি-মুদুলি চাচাঁনবেডা ক্ষেত্ৰ ।

একাদশ বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আৰু শৈক্ষিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায় সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃবৃন্দই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশ গ্ৰহণ কৰিবলগীয়া অধিবেশনস্থলী চাচাঁনবেডা ক্ষেত্ৰৰ পৰাই চৰকাৰক বিভিন্ন দাবী জনায় সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ।