অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল টীয়কৰ শিক্ষকক বিকাশ বৰুৱা…

asomiyapratidin

ডিজিটেল সংবাদ টীয়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত চি আৰ টি আৰু এন চি আৰ টি য়ে যুটীয়া ভাৱে অনলাইন যোগে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু শৈক্ষিক দৃশ্য-শ্ৰাৱ্য উৎসৱত টীয়কৰ এগৰাকী শিক্ষকক উজলি উঠিছে। নিজৰ প্ৰকল্পৰে যোগদান কৰা টীয়কৰ সন্তান তথা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ বৰুৱাই উচ্চ প্ৰাথমিক শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সুবিধা হোৱাকৈ ঐতিহাসিক শিৱসাগৰৰ কীৰ্তি চিহ্ন সমূহৰ এক দৃশ্য-শ্ৰাৱ্য প্ৰকল্প প্ৰস্তুত কৰি উক্ত প্ৰতিযোগিতাখনত যোগদান কৰি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে । তদুপৰি বিকাশ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ভিডিঅ' সম্পাদনাৰ বাবেও বিবেচিত হৈছে । পূৰ্বতেও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত শৈক্ষিক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিকাশ বৰুৱাই সন্মান বুটলিবলৈ সক্ষম হৈছিল।