অসম

টীয়কত কেবৰ বিৰুদ্ধে বিক্ষোভ, মুণ্ডণ কৰি প্ৰতিবাদ যোৰহাট জিলা আছুৰ সম্পাদকৰ

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অসমৰ আন ঠাইৰ লগতে টীয়কটো টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, আটচা টীয়ক উপ শাখা, টিএমপিকে টীয়ক আঞ্চলিক সমিতি, টীয়ক চুতীয়া ছাত্ৰ সন্থা, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থা, টীয়ক শাখা সাহিত্য সভা, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে টীয়ক ৰাজ্যিক বাছ আস্থানৰ সন্মুখত। উল্লেখযোগ্য যে, এই কাৰ্যসূচীতে কেব বাতিলৰ দাবীত ৰাজহুৱাভাৱে মুণ্ডণ কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে। প্ৰতিবাদকাৰীসকলে কেব আমি নামানো, সৰ্বানন্দৰ কাম নাই, বিজেপি গ' বেক, অসম চৰকাৰ হায় হায় আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

বিক্ষোভ কাৰ্যসূচীত টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰা, সম্পাদক ভোগেশ্বৰ শইকীয়া, অসম আন্দোলনৰ নেতা প্ৰদীপ চুতীয়া, অসম আন্দোলনত গুলীবিদ্ধ ৰমেন শৰ্মা, টীয়ক টাউন মছজিদৰ সম্পাদক আশ্রফ হুছেইন, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈ বৰা, অধিবক্তা বিশ্বজিত নাথ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ বৰা, উপদেষ্টা কিশোৰ দাস, অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় উপদেষ্টা মনোজ গগৈ, যোৰহাট জিলা সমিতিৰ সম্পাদক জীৱন চুতীয়া, আটচা যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক গকুল মাঝি, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, মৰিয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আকিল হুছেইন, জিলা সম্পাদক শ্বৰীফ আলি, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাকে ধৰি বহু ব্যক্তি সমবেত হৈ বক্তব্য প্ৰদান কৰে।

এই কাৰ্যসূচীৰ দ্বাৰা কেব কাহানিও মানি নোলোৱাৰ হুংকাৰ দিয়ে টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু শিমলুগুৰি মৌজা আছুৰ সভাপতি দেৱব্ৰত শইকীয়া, সম্পাদক পবিত্ৰ বৰা, টি এম পি কেৰ ৰঞ্জন তাইড, আটছাৰ টীয়ক উপ শাখাৰ সভাপতি-সম্পাদক মহেন্দ্ৰ মাঝি, এপল কিছকো, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক পাৰ্থ প্ৰতিম চুতীয়াআৰু বিশ্বজিত বৰাই। এই প্ৰতিবাদথলীৰ পৰাই ছাত্ৰ সন্থাই ৩০ জনগোষ্ঠীয় সংগঠন তথা ৰাইজৰ সহযোগত গাঁৱে ভূঞে কেব বিৰোধী আন্দোলন আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কাৰ্যসূচীত মুণ্ডণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা আছুৰ সম্পাদক জিতু নেওঁগে।