অসম

টীয়ক কেন্দ্ৰীয় বিহুৰ আদৰণীয় সিদ্ধান্ত, বিহু পাতিবলৈ সংগৃহীত পুঁজি চিকিৎসালয়ৰ উন্নয়নত ব্যয়

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ ব্যক্তিৰ চিন্তা যেতিয়া ইতিবাচক হয়, ব্যক্তিৰ চিন্তাই যেতিয়া সমাজত গতি দিয়াৰ চিন্তা কৰে তেতিয়া সমাজত জড়তা আৰু স্থবিৰতা কেতিয়াও আহিব নোৱাৰে, সমাজৰ উন্নয়ন হ'বই৷ হয়, তেনে এক খবৰেই উৎসাহ দিছে টীয়কীয়া ৰাইজক৷ প্ৰতিবাৰৰ দৰেই এইবাৰো টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছিল।

কৰ্মশালা, প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচীৰে এক ব্যয়বহুল আয়োজনৰ লগতে জনপ্ৰিয় শিল্পী "বিপিন চাওদাং" সৈতেও চুক্তিবদ্ধ হৈছিল৷ তেনেতে সমগ্ৰ বিশ্ব কপাই মানৱ জাতিলৈ ভাবুকি আনি অবিৰ্ভাৱ হল "কোৰোনা ভাইৰাছৰ"। সমগ্ৰ দেশবাসী আজি গৃহবন্দী, স্তব্ধ জনজীৱন সৰ্বত্ৰে৷ বাতিল হ'ল বহু অনুষ্ঠান৷

টীয়কতো ১৬ বহাগত উদযাপন কৰিবলৈ লোৱা কেন্দ্ৰীয় ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰি বিহু সমিতিয়ে কেৱল উত্তোলন কৰে বিহু পতাকা আৰু সিদ্ধান্ত গ্ৰহণ কৰে বিহু আয়োজনৰ বাবে সংগৃহীত পুঁজিৰে টীয়কস্থিত এক মাত্ৰ উন্নত চিকিৎসা কেন্দ্ৰ টীয়ক FRUৰ ৰোগী সকলৰ সুবিধা হোৱাকৈ চিকিৎসালয়খনত প্ৰথম পৰ্যায়ত ১২ খন ফেন প্ৰদান কৰিব৷ টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে সমাজলৈ এনে কাৰ্যই এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে বুলি অভিহিত কৰিছে।