অসম

গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাওঁঃ যোৱা মঙলবাৰে সন্ধিয়া চাপৰৰ নাথপাৰাৰ নিজ পদূলি মূৰতে ৰবেন ৰায় নামৰ এজন বিজেপি নেতা তথা হোমিও' চিকিৎসক ৰবেন ৰায়ক অচিনাক্ত দুৰ্বৃত্তই হানি-খুচি আৰু গুলীয়াই হত্যা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ ৪৮ ঘন্টা উকলি যোৱাৰ পিছতো মূল অপৰাধীক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে চাপৰ আৰক্ষী৷ মাথো চুৰত আলী নামৰ ব্যক্তি এজনক আটক কৰিয়েই দায়িত্ব সামৰিছে চাপৰ আৰক্ষীয়ে৷

ইফালে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত আগত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে নিহত ৰবেন ৰায়ৰ পত্নীয়ে৷ জনৈক বিশ্বজিৎ পাটগিৰি আৰু ৰিংকু নামৰ দুজন ব্যক্তিৰ নাম উল্লেখ কৰিছে পত্নীয়ে৷ দীৰ্ঘদিনৰ পৰা ব্যক্তিদুজনৰ লগত ভূমিকেন্দ্ৰিক সংঘাত চলি থকা কথা প্ৰকাশ কৰিছে নিহত ৰবেন ৰায়ৰ পত্নীয়ে৷

ৰবেন ৰায়

উল্লেখ্য যে, ঘটনাৰ দিনাৰ পৰা পলাতক অৱস্থাত আছে বিশ্বজিৎ পাটগিৰি৷ আমাৰ হাতত পৰা তথ্য মতে পূৰ্বতে কোকৰাঝাৰত অবৈধ অস্ত্ৰসহ আৰক্ষীৰ হাতত এবাৰ গ্ৰেপ্তাৰ হৈছিল বিশ্বজিৎ পাটগিৰি৷ এই ঘটনাই সমগ্ৰ ঘটনাক গভীৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে৷ ইতিমধ্যে বিজেপি নেতাজনৰ হত্যাকাণ্ডত গভীৰ শোকপ্ৰকাশ কৰিছে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷