অসম

ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ জয়ৰ দিশে তেজস্বিনী ৰাভা

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা TGPC's Miss India session-5 ৰ সমগ্ৰ দেশৰ ২২গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ যুৱতী তেজস্বিনী ৰাভা।

সমগ্ৰ দেশৰ ৭ শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকত অধ্যয়নৰত এইগৰাকী অসমীয়া যুৱতীয়ে। এই চূড়ান্ত পৰ্যায়ত তেজস্বিনীৰ লগতে আন ২২ গৰাকীৰ প্ৰতিযোগীয়েও প্ৰৱেশ কৰিছে।

প্ৰতিযোগিতাৰ নিয়ম অনুসৰি চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰতিযোগীকেইগৰাকীৰ মাজৰ পৰা অনলাইন তথা ছ'চিয়েল মিডিয়াযোগে ভোটিঙৰ জৰিয়তে শীৰ্ষ ৬ গৰাকীক বিজয়ী ঘোষণা কৰা হ'ব।

সেয়ে খিতাপ জয়ৰ বাবে প্ৰয়োজনীয় ভোটদান কৰিবলৈ সমগ্র অসমবাসী ৰাইজক তেজস্বিনী ৰাভা আৰু তেওঁৰ পৰিয়াল বৰ্গই আহ্বান জনাইছে। অনলাইনযোগে TGPC's Miss India session-5 ৰ নিজস্ব ব্লগৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ছেপ্তেম্বৰ মাহৰ মাজভাগলৈ সকলোৱে ভোটদানৰ কৰিব পাৰিব।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ অন্তৰ্গত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা ৰংছাই হাতীশিলা গাৱঁৰ ড০ নীলপদ্মীনি ৰাভাৰ জীয়ৰী তেজস্বিনী ৰাভাই বঙাইগাঁৱৰ ধালিগাওস্থিত দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেজস্বিনীৰ মাতৃ ড০ নীলপদ্মীনি ৰাভাই চিৰাঙৰ কাজলগাওস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।