অসম

লখিমপুৰ জিলাৰ ২১ গৰাকী কৃতি শিক্ষকক শিক্ষক দিৱসত জনাব সম্বৰ্ধনা..

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  পণ্ডিত প্ৰবৰ, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্ম দিৱসৰ সতে  সংগতি ৰাখি দেশজুৰি  দেওবাৰে উদযাপিত হব ৬০ সংখ্যক  শিক্ষক দিৱস।   উৎকৃষ্ট মানৱ সম্পদৰ সৃষ্টি কৰ্তা শিক্ষাগুৰু সকলৰ বৰেণ্য অৱদানৰ সশ্ৰদ্ধ স্মৰণ আৰু  মন্থনেৰে মান্যতা প্ৰদানৰ হেতু লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত দেওবাৰে জিলাখনত কেন্দ্ৰীয় ভাবে শিক্ষক দিৱস পালনৰ প্ৰস্তুতি চলিছে। 

উত্তৰ লখিমপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য কেন্দ্ৰীয় শিক্ষক দিৱসত জিলাখনৰ মুঠ ২১ গৰাকী বিশিষ্ট শিক্ষাগুৰুক প্ৰশাসনীয় ভাবে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিলা শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ  তৰফৰ পৰা ২০২১ বৰ্ষৰ জিলা ভিত্তিত কৃতি শিক্ষক সকলৰ নাম শনিবাৰে ঘোষণা কৰিছে  শিক্ষা বিভাগে।

২০২১ বর্ষৰ জিলাখনৰ কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত হ'ব লগা শিক্ষাগুৰু সকলৰ নাম ক্ৰমে  ৪৪৩ নং হুজ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি দেৱী, বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ শিক্ষক কনক দাস, গোঁসাই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিমি কুমাৰী টায়ে , বৰজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পবিত্ৰ চুতীয়া , ডিমৰুগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বোদ্ধ কায়স্থ , পুথি খাটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিমা শইকীয়া , কদম গাজিৱালা মিচিং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মেমচি চায়েঙিয়া , বকুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহম্মদ হামিদূৰ ৰহমান , পাতৃচুক মৰনৈ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ জ্যোতি পেগু , ১নং ৰাওণাপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰাণী বৰুৱা ,  উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনিৰুদ্ধ ফুকন , উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিত্যানন্দ কোঁৱৰ , উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপালি হাজৰিকা , হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কমলেশ্বৰ হাজৰিকা ,বাসুদেৱ থান শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গংগেশ্বৰ বৰুৱা , অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিৰঞ্জন পেগু , গড়েহগা বাঁহ পাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মাধুৰী বৰগোহাঞি , নাৰায়ণপূৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী  বন্তি বৰুৱা , আমতলা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমানন্দ দাস , টুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক লক্ষী নাথ গোঁহাই , এঙাৰ খোৱা চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মহম্মদ আলি আজগৰ ভূঞা। 

জিলা ভিত্তিত কৃতি শিক্ষকৰ বাবে মনোনীত হোৱা শিক্ষাগুৰু সকলক মান্যতা প্ৰদানৰ বাবে দেওবাৰে আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীৰ মুকলি সভাত উপায়ুক্ত সুনিত চটাৱান , জিলা প্ৰাথমিক শিক্ষা বিষয়া নিৰদা দলে পেগু , জিলা বিদ্যালয়  সমূহৰ পৰিদর্শক ড০ ৰমেশ চুতীয়া ,  শিক্ষাবিদ গোবিন চন্দ্ৰ বৰা , ড০ মুকুন্দ ৰাজবংশী, অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া জীৱন চন্দ্ৰ দত্তকে ধৰি শিক্ষানুৰাগী ৰাইজ আৰু  কেইবাজনো বিধায়ক উপস্থিত থাকিব।