অসম

আদৰ্শ শিক্ষক মুকুল বৰাৰ মৃত্যুত শোকস্তব্ধ গহপুৰ…

asomiyapratidin

ডিজিটল সংবাদ গহপুৰঃ গহপুৰৰ ৰূপনগৰ নিবাসী, আদৰ্শ শিক্ষক তথা সমাজ সংগঠকক মুকুল বৰা (৫৮)ৰ শুকুৰবাৰে পুৱা ৬.১০বজাত পৰলোকপ্ৰাপ্তি ঘটে। পূব কলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰয়াত বৰাই দুটা কাৰ্যকালৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল।

সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয় বৰাই মহকুমা কৃতী শিক্ষকৰ বঁটাও লাভ কৰিছিল ।বিগত কেইবছৰমান ধৰি তেখেত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল যদিও নিজৰ দায়িত্ব আৰু কতৰ্ব্যৰ প্ৰতি,সদা সচেতন আছিল ।মৃত্যুৰ সময়ত আদৰ্শ শিক্ষক বৰাই পত্নীসহ দুজন পুত্ৰ আৰু পাঁচ জন ভাতৃ আৰু এগৰাকী ভগ্নী এৰি থৈ গৈছে ।