অসম

হাতত চক-পেঞ্চিল লৈ শিক্ষক ৰূপত সৰ্বানন্দ সোণোৱাল, গ্ৰহণ কৰিলে মধ্যাহ্ন ভোজন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ১৬খন জিলাৰ ৮২৫খন বিদ্যালয়ত বৰ্তমান সময়ত চলি আছে গুণোত্সৱ। প্ৰথম পৰ্যায়ৰ গুণোত্সৱৰ সফল পৰিসমাপ্তিৰ পাছত মঙলবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোত্সৱৰ।

শিক্ষাৰ মানদণ্ড, আন্তঃগাঁথনি ইত্যাদি উন্নত কৰাৰ উদ্দেশ্যৰে মঙলবাৰৰ পৰা আৰম্ভ হোৱা গুণোত্সৱত ৰাজ্যৰ বিভিন্ন বিদ্যালয়সমূহত উপস্থিত হৈ মন্ত্ৰী, আমোলা তথা প্ৰশাসনিক বিষয়াসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।

এই অনুসৰি, মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা গ'ল এক ব্যতিক্ৰমী ৰূপত। মুখ্যমন্ত্ৰীজনে কামৰূপ জিলাৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ জাৰাপাটা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ছাত্র-ছাত্ৰীৰ সৈতে মাধ্যাহ্ন ভোজনো গ্ৰহণ কৰে তেওঁ।

ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰি থকা সমযত মুখ্যমন্ত্ৰী

বিদ্যালয়খনত গুণোত্সৱত ভাগ লৈ মুখ্যমন্ত্ৰীজনে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিভিন্ন উপদেশ দিয়ে। বৰ্ডত 'তোমাৰ ভাল লগা গায়কজন কোন' বুলি লিখি সৰ্বানন্দ সোণোৱালে ছাত্র-ছাত্ৰীসকলক আমোদো দিয়ে।

ইফালে বিদ্যালয় গৃহটো পুনৰ নিৰ্মাণ কৰিবৰ বাবেও স্থানীয় ৰাইজক আশ্বাস দিয়ে মুখ্যমন্ত্ৰীজনে। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে এনেদৰে বিদ্যালয়খন ভ্ৰমণ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে শিক্ষক-শিক্ষয়ত্ৰী, ছাত্র-ছাত্ৰী তথা অভিভাৱকসকলে।