অসম

প্ৰাপ্য মজুৰিৰ দাবীত কলিয়াবৰত চাহ শ্ৰমিকৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল ডেস্কঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত অসম চাহ নিগমৰ অধীনস্থ আমলখি, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমিকৰ প্ৰাপ্য মজুৰি বিচাৰি প্ৰতিবাদ কৰে শ্ৰমিকসকলে।

বাগিচাৰ কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে। যি সময়ত অন্যান্য বাগিছাত শ্ৰমিকৰ মজুৰি দৈনিক ১৬৭ টকা আদায় দিয়া হৈছে তেনে সময়ত অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমূহত দৈনিক মজুৰি ১১৫ টকা বাগিচা কতৃপক্ষই শ্ৰমিকক আদায় দি শোষণ চলাই আহিছে বুলি অভিযোগ উত্থাপিত কৰিছে শ্ৰমিকসকলে।

শীঘ্ৰে শ্ৰমিকৰ মজুৰি ১৬৭ টকালৈ বৃদ্ধি কৰাৰ লগতে শ্ৰমিকক ৰেচন দিয়াৰ দাবী তুলিছে তেওঁলোকে। বিদ্যুৎ সেৱা, চিকিৎসা সেৱাৰ পৰাও বঞ্চিত এইসকল শ্ৰমিক। সেয়েহে বুধবাৰে অসম চাহ মজদুৰ সংঘৰ নগাওঁ জিলা সমিতিৰ আহ্বানত কলিয়াবৰৰ আমলখি, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাত শ্ৰমিকসকলে বাগিচা ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰাপ্য মজুৰিৰ দাবীত বাগিচা কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।