অসম

চাহ শ্ৰমিকৰ মজুৰী : বোকাখাতত চাহ শ্ৰমিকৰ মাজত বিভাজন স্পষ্ট…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাত : চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাক লৈ পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাজ্য। সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে বোকাখাততো বাগিছাৰ কাৰ্যালয় ঘেৰাও কৰি ২ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিলে অসম চাহ মজদূৰ সংঘই।

নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে চাহ শ্ৰমিকসকলৰ মজুৰী ৩১৮ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল যদিও চৰকাৰৰ সিদ্ধান্তক মানি লোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিক সকলে।

ইফালে চৰকাৰে ধন পুৰস্কাৰ মেলাৰ নামত চাহ শ্ৰমিকলৈ প্ৰদান কৰা ৩০০০ হাজাৰ টকাৰ ক্ষেত্ৰত বোকাখাতৰ চাহ বাগিছা সমুহৰ বহু শ্ৰমিক এতিয়াও বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে বোকাখাত চাহ মজদুৰ সংঘই।

উল্লেখযোগ্য যে, তাৎপৰ্য পূৰ্ণ ভাৱে ২১ ফেব্ৰুৱাৰীত শ্ৰমিকসকলৰ মজুৰী ৩১৮ টকালৈ বৃদ্ধি কৰাৰ আনন্দত বোকাখাতৰেই একাংশ চাহ শ্ৰমিকে "অতুল বৰা জিন্দাবাদ", হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ" ধ্বনিৰে আবতৰীয়া দেৱালী উদযাপন কৰা দেখা গৈছিল।

বুধবাৰে দেশজুৰি হোৱা প্ৰতিবাদত বোকাখাতৰ চাহ বাগিছা শ্ৰমিকৰ সহযোগ আৰু বিগত ২১ ফেব্ৰুৱাৰীত একাংশ চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিত আনন্দ প্ৰকাশ কাৰ্যত স্বাভাৱিকতেই বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বোকাখাত বিধান সভা সমষ্টিৰ চাহ শ্ৰমিক সকলৰ মাজত বিভাজনৰ স্পষ্ট ইংগিত দেখা গৈছে।