অসম

শ্ৰমিকৰ ৰোষৰ পৰা আৰক্ষীয়ে কোনোমতেহে ৰক্ষা কৰিলে হাৰমতী বাগানৰ পৰিচালকক, বগৰাই দিছিল বাহন, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ সোমবাৰে বান্দৰদেৱাৰ সমীপৰ হাৰমতী চাহ বাগিছাৰ পৰিচালকে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলি শ্ৰমিক সকলে কেইবা ঘন্টা ধৰি আবদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, বাগানৰ পাত তোলা শ্ৰমিক সকলৰ হাজিৰা দৈনিক ১৬৭ টকা আৰু দৈনিক পাত তোলাৰ পৰিমাণ ২০ কিলো৷

https://www.facebook.com/asomiya.pratidin/videos/196156541771325/

বৰ্তমান পাত তুলিব নোৱাৰাৰ বাবে পাত সমূহ কাটি দিয়া আৰু বৰষুণৰ বাবে পাতৰ গজালি কম হোৱাৰ বাবে বৰ্তমান শ্ৰমিকৰ মজুৰি কাটি আধা দিয়াৰ বাবেই তিনিশৰো অধিক শ্ৰমিকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। শ্ৰমিক সকলে মেনেজাৰ গ' বেক ধ্বনিৰে উত্তাল কৰি ৰাখে আৰু এই মেনেজাৰৰ তলত কাম নকৰাৰ হুংকাৰ দিয়ে। ইফালে একাংশ প্ৰতিবাদকাৰীয়ে পৰিচালকৰ বাহন বগৰাবলৈকো চেষ্টা কৰাৰ লগতে আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয়।