অসম

বান ক্ষতিগ্ৰস্তৰ বাবে গুৱাহাটীত টাইপাৰ সাহায্য শিৱিৰ স্থাপন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই সংগঠনটোৰ সকলো জিলা সমিতিক বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। এইক্ষেত্ৰত কামৰূপ জিলা সমিতিক বিশেষভাৱে সহায়ৰ নিৰ্দেশ দিয়া হৈছে।

সংগঠনটোৰ সভাপতি দিলীপ গগৈৰ সভাপতিত্বত ১৮ জুলাইত অনুষ্ঠিত জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি টাই আহোম যুৱ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰে ফাঁচী বজাৰ এলেকাত এক সাহায্য সংগ্ৰহ শিৱিৰ স্থাপন কৰা হয়।

আনহাতে বেলতলাটো দ্বিতীয় এটা সাহাৰ্য সংগ্ৰহ শিৱিৰ স্থাপন কৰা হয়। ফাঁচী বজাৰৰ শিৱিৰৰ দায়িত্ব কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গুণকান্ত গগৈ আৰু কামৰূপ জিলাৰ যুটীয়া সম্পাদক বিজয় কৃষ্ণ সন্দিকৈৰ নেতৃত্বত পৰিচালিত হ'ব। সেইদৰে বেলতলাৰ শিৱিৰ দেৱজিত বুঢ়াগোঁহাই, বিশ্ব ফুকন আৰু জিতু গগৈৰ নেতৃত্বত পৰিচালিত হ'ব।

টাইপাৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে গুৱাহাটীৰ সামৰ্থবান ইচ্ছ্যুক লোকসকলক বান ক্ষতিগ্ৰস্ত লোকৰ সাহায্যাৰ্থে আগবঢ়াব বিচৰা সা-সামগ্ৰী তথা বৰঙণী এই শিৱিৰ দুটাত জমা দিবলৈ আহ্বান জনাইছে। শনিবাৰে শিৱিৰ দুটাৰ প্ৰতিষ্ঠাৰ অনুষ্ঠানত টাইপাৰ মহিলা পৰিষদৰ বন্তি কোৱৰৰ লগতে অন্যান্য নেতৃবৰ্গ উপস্থিত থাকে।