অসম

শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল

asomiyapratidin

ডিজিটেল সংবাদ, কলিয়াবাৰঃ অৱশেষত উদ্ধাৰ হৈছে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই চুৰি কৰা বাহনখন। শনিবাৰে পুৱতি নিশা কলিয়াবৰৰ বৰভগীয়াৰ পৰা চালক-হেণ্ডিমেনক প্ৰহাৰ কৰি দুৰ্বৃত্তই তিতাবৰৰ পৰা গুৱাহাটী অভিমুখী চাহপাতৰ বেগভৰ্তি বাহনখন লৈ গৈছিল।

উপ-পৰিদৰ্শক আব্দুল হানান লস্কৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁৱৰ মধ্য-শিয়ালমাৰিৰ পৰা উদ্ধাৰ কৰে বাহনখন। এডৰা হাবিৰ মাজত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে AS 03 BC 6300 নম্বৰৰ বাহনখন। আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।