অসম

‘কেৱল কংগ্ৰেছেহে বাতিল কৰিব পাৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক’

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'নাগৰিকত্ব সংশোধনী বিধেয়কখন কেৱল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাইহে বুজি পাইছে, আন কোনেও আৰু বুজা নাই।' এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ৷ দেওবাৰে এক সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বিধেয়কখনক লৈ গ্ৰহণ কৰা বিজেপিৰ স্থিতিক ক্ষুৰধাৰ সমালোচনা কৰে৷ তেওঁ কয়, 'বিধেয়কখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়াহে বুজি পাইছে৷ সেইবাবে এতিয়া মুখ খুলিছে৷ বিধেয়কখনৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাই অকলেই লোৱাৰ ভয়ত মুখ্যমন্ত্ৰীৰ মুখৰ মাত ওলাইছে৷'

ইফালে দিছপুৰৰ বিধায়ক আৱাসত অনুষ্ঠিত সংবাদমেল খনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গ্ৰহণ কৰা বিজেপিৰ আকোৰগোজ স্থিতি কংগ্ৰেছৰ বাবে এক চেলেঞ্জ বুলিও দাবী কৰে তৰুণ গগৈয়ে৷ কংগ্ৰেছে এই চেলেঞ্জ গ্ৰহণ কৰি বিধেয়কখন বাতিল কৰিব বুলি মন্তব্য কৰে তেওঁ৷ তেওঁ কয়, 'নিজৰ স্বাৰ্থত বিজেপিয়ে এই বিধেয়ক গৃহীত কৰিবলৈ উঠিপৰি লাগিছে৷ কিন্তু ইয়াক কংগ্ৰেছে চেলেঞ্জ হিচাপে গ্ৰহণ কৰিছে৷ যদি বিধেয়কখন কোনোবাই বাতিল কৰিব পাৰে, তেন্তে সেয়া কংগ্ৰেছই পাৰিব৷'

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ হিমন্তই ক'লেই বিধেয়কখন গৃহীত নহয় বুলি মন্তব্য কৰি তেওঁ একালৰ সহযোগীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই এদিন মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি মুছলমান বিধায়কৰ সহযোগত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল৷

'আজি যিজন হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী হৈ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ হকে আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে, তেওঁ এদিন মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি মুছলমান বিধায়কৰ সমৰ্থনত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ তেতিয়া তেওঁৰ মুখল বেচিকৈ ফুটিছিল মুছলমান শব্দটোহে৷ এতিয়া তেওঁ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ লাগিছে৷ কিন্তু আমাৰ দেশখন এখন ধৰ্মনিৰপেক্ষ দেশ৷ পাৰে যদি বিজেপিয়ে সংবিধানৰ পৰাই ধৰ্মনিৰপেক্ষ শব্দটো প্ৰত্যাহাৰ কৰক৷' -সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷