অসম

সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ বিৰুদ্ধে বহুতো অভিযোগ তোলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, 'তেওঁ এনে ধাৰণা দিব বিচাৰিছে যে তেওঁহে জ্ঞানী, তেওঁহে এজন ডক্টৰেট। ৰাজনীতিয়ে হওঁক, সমাজনীতিয়ে হওঁক, ইংৰাজী জনাত তেওঁতকৈ আৰু কোনো নাই। বিধানসভাতো তেওঁ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।'

প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক কটাক্ষ কৰি লগতে কয়, 'খোদ প্ৰধানমন্ত্ৰীয়ে মিছা কথা কয়। তেনে মিছা কথাত আমি আচৰিত হোৱাৰ কোনো কাৰণ নাই। সকলোৱে জানে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই যেতিয়া ডিটেনশ্বন কেম্পৰ প্ৰসংগত এটাও নাই বুলি কয়, অসমত ৬ টা আছে। তেখেতৰ দিনটো অসমত ডিটেনশ্বন কেম্প চেংশ্যন কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'য'তেই পাৱাৰ থাকে তাতেই থাকে হিমন্ত। বৰা, শইকীয়া, ভট্টাচাৰ্যকো কেয়াৰ নকৰে হিমন্ত বিশ্বই। কেৱল এজনকে কৰে, সেইজনে হৈছে অমিত শ্বাহ।' হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয়, 'সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে।'