অসম

‘বাদ দিয়া হে’ বুলি ক’বলৈ আৰু নাই তেওঁ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। শনিবাৰে হঠাৎ তেওঁৰ স্বাস্থ্য অৱনতি ঘটাৰ পাছতে তৎপৰ হৈ পৰিছিল সকলো। ৰাজ্যৰ পুত্ৰ গৌৰৱ গগৈ, মুখ্য সচিব, কংগ্ৰেছ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈকে ধৰি বহু লোক উপস্থিত হৈছিল তেওঁৰ স্বাস্থ্য বুজ ল'বলৈ। সকলোৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সুস্থ হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছিল যদিও অৱশেষত সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত ইহঃসংসাৰ ত্যাগ কৰিলে তেওঁ।

সোমবাৰে পুৱাৰে পৰা বহু গুণমুগ্ধ, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক, ডিজিপি ভাস্কৰজ্যোতি মহন্তকে ধৰি কংগ্ৰেছৰ বহু কেইগৰাকী নেতা-নেত্ৰী উপস্থিত হৈছিলহি জিএমচিএইচত। তেওঁৰ আশু আৰোগ্য কামনাৰে কামাখ্যা মন্দিৰতো পূজা-অৰ্চনা কৰিছিল বিভিন্নজনে।

তেওঁৰ বিয়োগৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে কোৱা 'বাদ দিয়া হে' বাক্যটো সকলোৰে মনত ৰৈ যাব। উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা প্ৰায়ে অসুস্থ তথা দুৰ্বল হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। তেওঁৰ দেহৰ বহু ইন্দ্ৰিয় বিকল হৈ পৰাৰ পাছত লাইফ ছাপৰ্টত ৰখা হৈছিল তৰুণ গগৈক। তেওঁক সুস্থ কৰাৰ বাবে প্ৰতিপলে জিএমচিএইচৰ চিকিৎসকে এইমছৰ চিকিৎসকসকলৰ পৰামৰ্শ লৈছিল। কিন্তু নিয়তিৰ লিখন সলনি কৰিব পৰা নগ'ল আৰু অৱশেষত তেওঁৰ দেহাৱসান ঘটে।

উল্লেখ্য যে, ১৯৩৪চনৰ ১১ অক্টোবৰত ৰঙাজান চাহ বাগিছাত জন্ম গ্ৰহণ কৰিছিল তেওঁ। ধাৰাবাহিকভাৱে তিনিবাৰকৈ ২০০৬চনৰ ১৪মে'ৰ পৰা ২০১৬চনৰ লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনৈতিক পৰিপক্কতাৰ বাবে তেওঁ মুখৰ এটা বাক্যই সাধাৰণ ভোটাৰৰ বাবে বিৰোধীৰ বিৰুদ্ধে পাশুপাত অস্ত্ৰ হৈছিল।

তেওঁ আছিল ৰাজনীতিত বিশ্ৰামহীন ৰণুৱা। তেওঁ বুজি পাইছিল কেনেকৈ কৰিব লাগে ৰাজনীতি। কেতিয়া , কত, কাক আকোৱালি আৰু কাক প্ৰত্যাহ্বান জনাব লাগে। সেয়েহে তেওঁ প্ৰত্যাহ্বান জনাব পাৰিছিল বদৰুদ্দিন আজমলক। কৈছিল- "হু ইজ বদৰুদ্দিন।"

তৰুণ গগৈৰ পিতৃৰ নাম আছিল ড০ কমলেশ্বৰ গগৈ আৰু মাক নাম উষা গগৈ। পিতৃ আছিল ৰঙাজান চাহ বাগিছাৰ চিকিৎসক। মাতৃ আছিল অসমৰ এজন জনপ্ৰিয় কবি গণেশ গগৈৰ কনিষ্ঠা ভগ্নী। ৰঙাজান চাহ বাগিছাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে।
তাৰ পিছত তেওঁ যোৰহাটত আৰু ভোলাগুৰি হাইস্কুলত পৰৱৰ্তী শ্ৰেণী অধ্যয়ন কৰে। ১৯৪৯চনত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। পঢ়া-শুনাত মেধাৱী নাছিল তেওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজকত নামভৰ্তি কৰিছিল তৰুণ গগৈয়ে।

তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰি ৰাজনীতিৰে জড়িত হৈ পৰিছিল তেওঁ। সকলোৰে বাবে তেওঁৰ নামটো আছিল এজন স্বভাৱসুলভ, হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সাম্প্ৰতিক সময়ৰ এক চৰ্চিত নাম। কোৰোনাৰ সংক্ৰমণৰ আগলৈকে তেওঁ আছিল অত্যন্ত সক্ৰিয় কংগ্ৰেছৰ এজন নেতা। শাসক পক্ষক তেওঁ তুলা-ধুনা দিছিল। প্ৰয়োজনত সংবাদমেল অনুষ্ঠিত কৰি শাসক তথা বিজেপিৰ বিৰুদ্ধে এই বয়সতো সৰৱ হৈ পৰিছিল। তেওঁ আছিল তৰুণ গগৈ, সদায় তৰুণ এজন নেতা।

উল্লেখযোগ্য যে, ৬বাৰকৈ লোকসভাৰ সাংসদ হৈছিল তেওঁ। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৭ চনত যোৰহাট মিউনিচিপালিটী বৰ্ডৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল।

১৯৭৬ত তেওঁ এ আই চি চি (নিখিল ভাৰত কংগ্ৰেছ কমিটি)ৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৭চনত দ্বিতীয়বাৰৰ বাবে ,১৯৮৩চনত তৃতীয় বাৰৰ বাবে সাংসদৰূপে তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৩চনত তেওঁ পুনৰ এ আই চি চিৰ যুটীয়া সম্পাদক হয়।

১৯৮৫ত এ আই চিচিৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে। ইন্দিৰা গান্ধীৰো ঘনিষ্ঠ আছিল তৰুণ গগৈ। ১৯৮৬ৰ পৰা ১৯৯০লৈ তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ১৯৯১চনত তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰী(ৰাজ্যিক স্বতন্ত্ৰ)ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

পৰৱৰ্তীসময়ত তেওঁ কলিয়াবৰৰ পৰা ১৯৯১চনত সাংসদৰূপে নিৰ্বাচিত হৈ এই মন্ত্ৰীত্ব লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত। ১৯৯৩চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮চনত তেওঁ পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।

তাৰ পিছত ১৯৯৯চনত ষষ্ঠবাৰৰ বাবে কলিয়াবৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ। ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাত তৰুণ গগৈ পুনৰ ঘূৰি আহে অসমলৈ । গুপ্তহত্যা, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা আদি অনেক সমস্যাৰে জৰ্জৰিত অসমত ২০০১চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল।

তাৰপিছত মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল। পৰৱৰ্তীসময়ত আৰু ২টাকৈ কাৰ্যকাল অথাত মুঠ ১৫বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। ২০১৬চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ পতন ঘটে। অৱসান ঘটিছিল তৰুণ গগৈৰ যুগৰ। বহু কেলেংকাৰীৰ দাগ তেওঁৰ চৰকাৰৰ গাত লাগিলেও তৰুণ গগৈয়ে জানিছিল নিজকে নিকা কৰি ৰখাৰ তৰ্কিব। গতিকে কংগ্ৰেছৰ এই দাগ তৰুণ গগৈয়ে ল'ব লগা হোৱা নাছিল।

কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ দীৰ্ঘসময় তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছিল। তাৰ পৰা সুস্থ হৈ দুদিনমানৰ পূৰ্বে ঘৰলৈ উভতি গৈছিল যদিও ১নৱেম্বৰ ২০২০ৰ নিশা পুনৰ অসুস্থ হোৱাৰ পাছত তেওঁক জিএমচিএইচৰ আই চি ইউত ভৰ্তি কৰা হৈছিল।