অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰা, LIVE UPDATES

asomiyapratidin

পুৱা ৮.৫৫ বজাতঃ কংগ্ৰেছ নেতাই সাংবাদিকৰ আগত জনাই যে, চৰকাৰী আৱাসগৃহৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ লোৱা হ'ব ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ। তাৰপাছত জু-ৰোডৰ নামঘৰলৈ নিয়া হ'ব তেওঁৰ নশ্বৰ দেহ। তাৰ পৰা ওলাই বুঢ়া মছজিদলৈ নিয়াৰ পাছত উগ্ৰতৰা মন্দিৰলৈ নিয়া হ'ব তেওঁৰ নশ্বৰ দেহ।

পুৱা ৮.৪০ বজাতঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছেহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

পুৱা ৮.৩০ বজাতঃ চৰকাৰী আৱাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিভিন্নজনে জনাইছে শেষ শ্ৰদ্ধাঞ্জলি।

পুৱা ৮.২০ বজাতঃ পুৱা শ্ৰীমন্তৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মিনিষ্টাৰ্ছ কলনীৰ বাসগৃহলৈ লৈ যোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ।