অসম

তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী, ব্ৰাউন চুগাৰ জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ ,চেঙাঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে পূব বৰপেটাৰ বিভিন্ন অঞ্চল । ইতিমধ্যে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে ।শুকুৰবাৰে নিশাও বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী ।ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চনেট্টাৰী গাঁৱৰ আইনাল হকৰ পুত্ৰ ৰফিকুল ইছলাম(১৯) বুলি জানিব পৰা গৈছে।

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত এটি আৰক্ষীৰ দলে ৰফিকুল ইছলামৰ বাসগৃহত নিশা অভিযান চলাই ৬০৭ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ আৰু দুটা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য আনুমানিক ৩৬ লাখ হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ধৃত ৰফিকুল ইছলামৰ বিৰুদ্ধে ২৮৪/১৯ নম্বৰত তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আজি ধৃত ৰফিকুল ইছলামক বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ।