অসম

তাৰাবাৰী আৰক্ষীৰ জালত বাইক চোৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে বিয়লি এক গোপন খবৰৰ ভিত্তিত বহৰি পাৰঘাটৰ পৰা এখন নম্বৰ প্লেটবিহীন ৰয়েল এনফিল্ড বাইকসহ এটা বাইক চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা গাঁৱৰ হানিফ আলীৰ পুত্ৰ আব্বাছ আলী(৩৬) বুলি জানিব পৰা গৈছে।

ধৃত আব্বাছ আলীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে। উল্লেখ্য যে, আব্বাছ আলীৰ বিৰুদ্ধে বৰপেটা ৰোড থানা আৰু হাউলী থানাতো অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। দেওবাৰে তাৰাবাৰী আৰক্ষীয়ে ধৃত আব্বাছ আলীক বৰপেটা আদালতত হাজিৰ কৰায়।