অসম

বোকাখাতত অগপৰ যোগদান কাৰ্যসূচী : কংগ্ৰেছ এৰিলে চাহ মজদুৰ সংঘৰ সম্পাদক তপন কৰ্মকাৰে...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : "সত্ৰনগৰী বৰপেটাৰ পৱিত্ৰ ভূমিত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ গৌৰৱোজ্জ্বল দিনটোত ঘোষণা কৰা "স্বাগতম সতীৰ্থ অভিযান"টি আজি আমাৰ গৃহসমষ্টি বোকাখাতৰ পৰাই আৰম্ভ কৰিলোঁ"-বোকাখাতৰ বিশাল যোগদান কাৰ্যসূচীত এই মন্তব্য কৰে অসম গন পৰিষদ দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷

দেওবাৰে বোকাখাতৰ নাট্য মন্দিৰত আয়োজিত অগপৰ যোগদান কাৰ্যসুচীত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাত চাহ মজদুৰ সংঘৰ সম্পাদক তপন কৰ্মকাৰৰ নেতৃত্বত প্ৰায় ৭ শতাধিক লোকে আনুষ্ঠানিক ভাৱে অসম গন পৰিষদত যোগদান কৰে।

বোকাখাতৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা অনুগামীসহ এক শোভাযাত্ৰাৰে যোগদানৰ বাবে নাট্যমন্দিৰলৈ আহে তপন কৰ্মকাৰ।

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰৰ পুত্ৰ তপন কৰ্মকাৰে কংগ্ৰেছ পৰিয়ালৰ পৰাই বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মান গোটত যোগদান কৰিছিল যদিও নিৰ্মান গোটত নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষিত নোহোৱা অনুভৱ কৰিয়েই পুনৰ কংগ্ৰেছত যোগদান কৰিছিল ৷

অলপতে কংগ্ৰেছ দলৰ গোলাঘাট জিলাৰ সভাপতি দাদু টায়েৰ লগত এক সংঘাতত লিপ্ত হৈ সভাপতি গৰাকীক শাৰিৰীক ভাৱে অপদস্ত কৰাৰ অপবাদ লৈ দেওবাৰে তপন কৰ্মকাৰে লগত ৭ শ অনুগামী আৰু সহধৰ্মী মীনা হাজৰিকা কৰ্মকাৰ লগত লৈ আনুষ্ঠানিক ভাৱে অসম গন পৰিষদ দলত যোগদান কৰে।

অসম গন পৰিষদ দলত যোগদান কৰিয়েই কংগ্ৰেছ বিৰুধী স্থিতি গ্ৰহন কৰি শ্ৰমিক নেতা তপন কৰ্মকাৰে কয় - "মই এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আছিলোঁ কিন্ত বহু কাৰণতে মই কংগ্ৰেছ ত্যাগ কৰি আজি অগপ দলত যোগাদান কৰিছো ৷ কোনো ৰাজনৈতিক দলেই পৰিয়াল কেন্দ্ৰীক হ'ব নালাগে ৷ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত অৱতীৰ্ণ হোৱা দিনৰে পৰাই কংগ্ৰেছত ভাঙোন আৰম্ভ হ'ল" ৷

দেওবাৰৰ যোগদান কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক দ্বিপেন বৰা, বোকাখাত নিৰ্মান গোটৰ প্ৰাক্তন সম্পাদক ফনীধৰ গগৈ, জিলা পৰিষদৰ প্ৰাক্তন কংগ্ৰেছী সদস্য ৰঞ্জিত দাৱ আৰু এন চি পি দলৰ নেতা মৃদুল শইকীয়াই ৫০ গৰাকী দলীয় অনুগামীৰে আনুষ্ঠানিক ভাৱে অসম গন পৰিষদ দলত যোগদান কৰে ৷

অনুষ্ঠানতত বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ, এন চি পি, বোকাখাত নিৰ্মান গোটৰ তিনি শতাধিক লোকেও অতুল বৰাৰ উপস্থিতিত অসম গন পৰিষদ দলত যোগদান কৰে ৷

বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাই আঁত ধৰা অনুষ্ঠানত অগপৰ গোলাঘাট জিলাৰ সভাপতি ড৹ নিপেন বৰুৱাৰ লগত বাকী কাৰ্যকৰ্তাও উপস্থিত থাকে ৷

ইফালে অনুষ্ঠানৰ শেষত চাহ মজদুৰ সংঘৰ সম্পাদক তপন কৰ্মকাৰে মন্ত্ৰী অতুল বৰাক চাহ মজদুৰ সংঘৰ বোকাখাত কাৰ্যাললৈ চাহ মেলৰ বাবে আমন্ত্ৰন জনোৱাৰ লগে লগেই ক্ষোভিত হৈ পৰিছে বোকাখাত চাহ মজদুৰ সংঘৰ সভাপতি মদন তাঁতী।

এই যোগদান কাৰ্যসুচী তপন কৰ্মকাৰৰ একান্ত ব্যক্তিগত যোগদান বুলি মন্তব্য কৰি সংঘৰ সভাপতি মদন তাঁতী, উপ সভাপতি হীৰালাল বাউৰী আৰু সাংগঠনিক সম্পাদক লভিৰাম গোৱলাই অসমীয়া প্ৰতিদিন ডিজিটেলক জনায় যে, আজিৰ যোগদান কাৰ্যসুচীত তপন কৰ্মকাৰে বোকাখাত চাহ মজদুৰ সংঘক প্ৰতিনিধিত্ব কৰা নাই ৷ এইয়া তেওঁ ব্যক্তিগত সিদ্ধান্তহে ৷

এই ক্ষেত্ৰত সংঘই অচিৰেই সিধান্ত গ্ৰহন কৰিব বুলি জনোৱাৰ লগতে তেওঁ কয় আজিৰ ঘটনাই বোকাখাতৰ চাহ মজদুৰ সংঘত বিভাজনৰ সৃষ্টি কৰি সংঘাতৰহে সৃষ্টি কৰিব।