অসম

শক্তি মন্ত্ৰী তপন গগৈৰ সমুখতে খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ নিহতসকলৰ জানাজা সম্পন্নঃ VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ জুৰীয়া উত্তৰ খাটোৱালত সংঘটিত শোকাবহ ঘটনাৰ পিছত সন্ধিয়া ঘটনাস্থলীত উপস্থিত হয় শক্তিমন্ত্ৰী তপন গগৈ। ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজক ভবিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহ'বলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

দোষীক কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ তদন্তৰ দায়িত্ব ৩গৰাকী বিষয়াক দিয়া হৈছে বুলিও জনায়। '৩জন বিষয়াক তদন্তৰ দায়িত্ব দিয়া হৈছে। ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ আমি নিৰ্দেশ দিছো। প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কাৰ্যব্যৱস্থা লোৱা হ'ব।'-এইদৰে কয় মন্ত্ৰী গগৈয়ে।

মন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়ালক ২লাখ ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়া হ'ব বুলিও ঘোষণা কৰে। এই ক্ষতিপূৰণ বিভাগৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰিব বুলি জনায় মন্ত্ৰী গগৈয়ে।

ইফালে মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে মন্ত্ৰীগৰাকীৰ আশ্বাসত ৰাইজ ক্ষান্ত হয়। পিছত মন্ত্ৰীগৰাকীৰ উপস্থিতিতে নিহত আটাইকেইজন লোকক খাটোৱালৰ ৰাজহুৱা কবৰ স্থানত কবৰ দিয়া হয়।

মন্ত্ৰী গগৈৰ সৈতে সন্ধিয়া নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাও ঘটনাস্থলীত উপস্থিত হয়। উল্লেখ্য যে, দুপৰীয়াৰ ভাগত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিয়লিৰ ভাগত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদায়ো ঘটনাটোৰ বুজ ল'বলৈ খাটোৱালত উপস্থিত হয়।