অসম

টংলাত বিটিচি সাংস্কৃতিক বিনিময় অনুষ্ঠানৰ নামত ভেঁকোভাওনা, ৰাজহুৱা ধনৰ অপচয়ৰ অভিযোগ

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ বিটিচিৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত মঙলবাৰৰ পৰা ওদালগুৰি জিলাৰ টংলাৰ গোপীনাথ বৰদলৈ স্মৃতি ভৱনত অনুষ্ঠিত সাংস্কৃতিক বিনিময় অনুষ্ঠান-২০১৯ৰ নামত বিটিচি পৰিষদীয় চৰকাৰ সাংস্কৃতিক বিভাগে ৰাজহুৱা ধন অপচয় কৰাৰ ৰাজহুৱা অভিযোগ উৎ্থাপিত হৈছে৷

দুদিনীয়া কাৰ্যসূচীৰ ১৪ মে'ৰ সন্ধিয়া সুৰ সংগম অনুষ্ঠান বিটিচিৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীয়ে উদ্বোধন কৰাৰ কথা আছিল যদিও নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ অতি নগন্য সংখ্যক দৰ্শক ৰাইজৰ উপস্থিতিত বিটিচিৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়ন, সাংস্কৃতিক নিৰ্দেশক ডিম্বেশ্বৰ ফুকন আৰু সাংস্কৃতিক মহাসভা অসম, ওদালগুৰি জিলা সমিতিৰ সম্পাদক জ্ঞানেন্দ্ৰ কুমাৰ চলিহাই উদ্বোধন কৰে৷

অনুষ্ঠানটোত বিহু, বড়ো, ৰাভা, মিচিং, গাৰো আদি লোক নৃত্যৰ দলে অনুষ্ঠান পৰিবেশন কৰে৷ আনহাতে আজিও নিৰ্ধাৰিত সময়ত উদ্বোধক বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰী অজ্ঞাত কাৰণত অনুষ্ঠানত উপস্থিত নথকাত কোনো আনুষ্ঠানিকতা অবিহনে অতি পুতৌজনক দৰ্শকৰ উপস্থিতিত বিটিচিৰ বিভিন্ন ঠাইৰ পৰা অহা বড়ো, সত্ৰীয়া নৃত্য, বৰ তাল নৃত্য, মিচিং, চান্থালী আৰু দেউৰী লোকনৃত্যৰ দলে নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে৷

বিটিচিৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে নিজা উদ্যোগত বিভাগীয় কাৰ্যবাহী সদস্যগৰাকীৰ নিজৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টংলাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰায় তিনি লাখ টকা বাজেটেৰে অনুষ্ঠিত কৰা সাংস্কৃতিক বিনিময় অনুষ্ঠানত বিটিচি পৰিষদৰ খোদ নিজৰ বিভাগৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীকে ধৰি কাৰ্যসূচীত নাম উল্লেখ থকা কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীৰ উপৰি আন এগৰাকীও পৰিষদীয় সদস্য উপস্থিত নথকাত টংলাবাসী সংস্কৃতিবান ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আনহাতে এই সাংস্কৃতিক বিনিময় অনুষ্ঠানত বিটিচিৰ বিশাল জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকনৃত্য অন্তৰ্ভুক্ত নকৰাত ওদালগুৰি জিলা(পশ্চিম) কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আক্ৰাছুৰ সভাপতি হেমন্ত বৰা কোচ আৰু সাধাৰণ সম্পাদক জিতেন ডেকাৰ নেতৃত্বত অনুষ্ঠানস্থলীত উপস্থিত হৈ বিভাগটোৰ বিষয়ববীয়াক অনুষ্ঠানটোত কোচ ৰাজবংশী জনগোষ্ঠীক বঞ্চিত কৰা সম্পৰ্কত জবাবদিহি কৰি ভৱিষ্যতৰ দিনত এনে পৰিস্থিতিৰ সৃষ্টি হ'লে আক্ৰাছুয়ে আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি ব্যক্ত কৰে৷

নেতাদ্বয়ে সাংবাদিকৰ সমূখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বিটিচিত কোচ ৰাজবংশী জনগোষ্ঠীক মাহী আইৰ দৃষ্টিৰে চাই অহাৰ অভিযোগ এই ঘটনাই পুনৰবাৰ প্ৰমান কৰিলে বুলি মন্তব্য কৰি এই অৱহেলাৰ সন্দৰ্ভত বিটিচিৰ বিভাগীয় কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীৰ হস্তক্ষেপ আহ্বান কৰে৷ নেতাদ্বয়ে অভিযোগ কৰি কয় বিটিচি পৰিষদখনৰ সাংস্কৃতিক বিভাগে আৱন্তিত ৰাজহুৱা ধনৰ শৰাধ পতাৰ বাবেই এনেদৰে পালমৰা সাংস্কৃতিক বিনিময় অনুষ্ঠান পাতি ৰাইজক আভূৱা ভাঁৰিছে৷ ইয়াৰ এক নিৰপেক্ষ তদন্ত কৰাৰ বাবেও বিটিচি পৰিষদীয় চৰকাৰক আক্ৰাছুয়ে দাবী জনায়৷