অসম

বামুণজুলিত বিষাক্ত কাঠফুলা খাই অসুস্থ ৪ শিশুসহ ১৬ গৰাকী…

asomiyapratidin

ডিজিটেল সংবাদ,টংলাঃ লক‌ডাউনৰ সময়তে ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত বামুনজুলি চাহ বাগিছাত আজি দুপৰীয়া বিষাক্ত কাঠফুলা খাই বাগিছাখনৰ শ্ৰমিক পৰিয়ালৰ চাৰিজন নাৱালকসহ ১৬জন লোক অসুস্থ হৈ চিকিৎসাধীন হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰামতে আজি পুৱা বামুলজুলি চাহ বাগিছাত বনৰীয়া হাতী চাৱলৈ যোৱা লোক কেইজনমানে হাবিত বনৰীয়া কাঠফুলা পাই বুটলি অনাত বাগিছাখনৰ আন কেইবাটাও পৰিয়ালে ভগাই কাঠফুলাখিনি ৰান্ধি খোৱাৰ পিছতে লোকসকল অসুস্থ হ'বলৈ আৰম্ভ কৰে ৷

দুপৰীয়াৰ পৰা বমি আৰু পাইখানা হ'বলৈ আৰম্ভ কৰা লোকসকলক প্ৰথমে বামুনজুলি চাহ বাগিছা হাস্পাতালত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷

অসুস্থ লোকসকল হ'ল তুফান কুমাৰ(২৫), অণু গৌড়(২৮), ললিতা কুমাৰী(২৩), কমলা দাস(৩০), মহিমা তাঁতি(১৩), তুৰ্কু গৌড়(৩৫), লাকু কুমাৰ(৩০), বতি তাঁতি(৫০), গংগু মুণ্ডা(১৮), য়াকুৱ তাঁতি(১৮), দুলাৰী মুণ্ডা(১৭), সুমাৰী টিৰ্কী(৩৪), জেচমিনা মুণ্ডা(৪০), চ'নিয়া মুণ্ডা(১১), শকুন্তলা তাঁতি(২৩)৷

টংলা স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰাৰ উপৰি উন্নত চিকিৎসাৰ বাবে দুজনক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অসুস্থসকলৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাও আছে আৰু মহিলাগৰাকী সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসালয় সূত্ৰই জনাইছে ৷