অসম

আজিও চৰকাৰী সুদৃষ্টিৰ পৰা বঞ্চিত চীন-ভাৰত যুদ্ধৰ ’লোকনায়ক সেনা’ টংলাৰ ধীৰেন চন্দ্ৰ স্বৰ্গীয়াৰী

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ চীন-ভাৰত যুদ্ধৰ সেনাৰ সামগ্ৰী সৰবৰাহকাৰী দলৰ সদস্য হৈ দেশ সেৱাত অংশগ্ৰহণ কৰি সন্মুখৰ পৰা যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট হৈ নিজৰ মনত দেশ সেৱাৰ ভাৱনা সজীৱ কৰি ৰখা ভাৰতীয় সেনা বাহিনীৰ লোকনায়ক সহায়ক সেনাৰ ৩৩৩ নং স্বেচ্ছাসেৱক টংলাৰ ধীৰেন চন্দ্ৰ স্বৰ্গীয়াৰী আজিও চৰকাৰী সুদৃষ্টিৰ পৰা বঞ্চিত হৈ আহিছে৷ ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জলাহ-এৰাবাৰী গাঁও নিবাসী তথা চীন আৰু ভাৰত যুদ্ধৰ জীৱন্ত সাক্ষী 'লোক নায়ক সেনা' ধীৰেন চন্দ্ৰ স্বৰ্গীয়াৰীয়ে ১৯৬২ চনৰ চীন আৰু ভাৰত যুদ্ধৰ সময়ত টংলা হাইস্কুলৰ এন চি চি গোটৰ পৰা স্বেচ্ছাসেৱী হিচাপে তেওঁ ভাৰতীয় সৈনিক সকলক যুদ্ধৰ সামগ্রী কঢ়িয়াই সহায় কৰিছিল৷

ভাৰতীয় সেনা বাহিনীৰ অধীনত গঠন কৰা লোক সহায়ক সেনা প্ৰশিক্ষণ কেন্দ্ৰত সফলভাৱে প্ৰশিক্ষণ সমাপ্ত কৰি যুদ্ধত মালবাহী স্বেচ্ছাসেৱক ৰূপে সহযোগ আগবঢ়োৱা প্ৰচাৰবিমুখ এইগৰাকী দেশভক্ত আজিও নীৰৱভাৱে সমাজ সংগঠনৰ কামত আত্মনিয়োগ কৰি আহিছে। ৮৭ বছৰীয়া এইজন বৃদ্ধাই জনোৱা মতে একালত গুৱাহাটীৰ ডনবক্স বিদ্যালয়ত অধ্যয়নৰত সময়ত হিন্দী চিনেমাৰ তাৰকা ধৰ্মেন্দ্ৰৰ সহপাঠী আছিল বুলিও জনায়।

এইজনা ব্যক্তি বৰ্তমান বাথৌ মহাসভা, গাঁৱৰ মন্দিৰৰ পূজাৰী আদি কৰি নানা ধৰণৰ সামাজিক কামৰ লগত জড়িত হৈ কাম কৰি ভাল পোৱা দেশপ্ৰেমিক বৰ্তমান চৰকাৰী ভাবে কোনো ধৰণৰ সাহায্য আৰু বৃদ্ধ পেঞ্চন আদি লাভ নকৰাৰ লগতে কোনো ধৰণৰ দল সংগঠন তথা চৰকাৰে খা-খবৰ নোলোৱাৰ অভিযোগ তুলিছে। এই ক্ষেত্ৰত অসম চৰকাৰ তথা বি টি চি পৰিষদীয় চৰকাৰে লোকনায়ক সেনাৰ স্বেচ্ছাসেৱক ধীৰেন চন্দ্ৰ স্বৰ্গীয়াৰীৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাইজে দাবী জনাইছে।