অসম

টংলাত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গাঁৱৰ প্ৰৱেশ পথত চেকগেটৰ ব্যৱস্থা

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে দেশজুৰি লক্‌ ডাউন অব্যাহত থকাৰ সময়তে ওদালগুৰি জিলাৰ কছাৰীতল, গোসাঁইতল আদি গাঁৱৰ গাঁওবাসীয়ে গঞাঁক সুৰক্ষিত কৰাৰ বাবে লক্‌ ডাউনৰ সময়চোৱাত বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি অস্থায়ী চেক্‌গেটৰ ব্যৱস্থা কৰিছে৷ ইয়াৰোপৰি ঠায়ে ঠায়ে চেকগেট স্থাপন কৰি বাহিৰা মানুহক হাত ধুই, মুখত মাক্স পিন্ধিহে গাঁৱত সোমোৱাৰ অনুমতি দি আহিছে৷

কছাৰীতল গাঁৱৰ বিষ্ণুজ্যোতি সংঘই ৰাইজৰ সহযোগত গাঁওখনলৈ তিনিটাকৈ মূল প্ৰৱেশ পথত জেউৰা পুঁতি লক্‌ ডাউনৰ সময়চোৱাত গাঁওখনলৈ অহা-যোৱা কৰাত বাধা নিষেধ কৰিছে।

আনহাতে কছাৰীতল গাঁৱৰ প্ৰৱেশ পথত সেউজী সংঘই ৰাইজৰ সহযোগত অস্থায়ী চেকগেট স্থাপন কৰি গাঁওখনলৈ সোমোৱা লোকক হাত ধুই, মুখত মাক্স পিন্ধিহে সোমোৱাৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰিছে৷ বহিঃৰাজ্যৰ পৰা অহা যিকোনো মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি আৰক্ষী আৰু স্বাস্থ্য বিভাগক অৱগত কৰাৰ ব্যৱস্থা কৰি কোৰোনা ভাইৰাছ সংক্ৰমন ৰোধৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগ কৰা পৰিলক্ষিত হৈছে৷