অসম

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা টংলাত দুদিনীয়া কলাগুৰু সংগীত মহোৎসৱ-২০২০ৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত আৰু জুবিন গাৰ্গ ফ্ৰেইণ্ডচ্‌ ক্লাৱ তথা টংলাবাসী ৰাইজৰ সহযোগত অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কলাগুৰু সংগীত মহোৎসৱ-২০২০ ৰ আয়োজন কৰিছে৷ কলাগুৰু ফাউণ্ডেচনৰ সভাপতি তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গোহাৰি যোগে জনোৱা অনুসৰি বৰ্তমানৰ দেশ আৰু জাতিৰ সংকটৰ সময়ত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি আৰু নৃত্য-গীতৰ প্ৰদৰ্শনৰ লগতে বৌদ্ধিক আলাপ-আলোচনাৰ জৰিয়তে বৃহত্তৰ অসমীয়া ৰাইজৰ মাজত জাতীয় চেতনা শক্তিশালী কৰি শিপামুখী জাতীয় ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰিছে৷

এই মহোৎসৱত পাৰস্পৰিক আন্তৰিকতা আৰু সহৃদয়ৰ বিশ্বাস শক্তিশালী কৰাৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মৰ লোকক উপস্থিতি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আহ্বান জনাইছে৷ কাৰ্যসূচী অনুসৰি তুমি সুবাস অসমীৰে, তুমি সুৱাস সৃষ্টিৰে..হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আহ্বানৰে ৩১ জানুৱাৰীত। এই মহোৎসৱৰ শুভাৰম্ভণী তথা নৃত্য শিল্পী প্ৰয়াত হৰি বড়ো সোঁৱৰণি সেঁতুৰ দ্বাৰ উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপ্যক তথা টংলা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° ৰীতা বড়োৱে। ইয়াৰ পিছতে বিশিষ্ট চলচিত্ৰ কৰ্মী তথা কলাগুৰু ফাউণ্ডেচনৰ সভাপতি ৰাজেশ ভূঞাই পতাকা উত্তোলন কৰিব৷

ৰাভা সংগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ পিছতে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য শোভাযাত্রা উদ্বোধন কৰিব অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই। উল্লেখ্য যে, টংলাৰ চমুৱাপাৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থায়ী প্ৰতিমূৰ্তি উন্মোচিত কৰিব পৃথ্বিৰাজ ৰাভা, হেমৰাজ ৰাভা আৰু জুবিন গাৰ্গে। ১ ফেব্ৰুৱাৰীত চাইক্লিঙ, ৰক্তদান শিবিৰৰ লগতে "বৃহত্তৰ অসমীয়া জাতি গঠনত লোকশিল্প চৰ্চাৰ প্ৰভাৱ আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শ" শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা, পৃথ্বীৰাজ ৰাভা, ৰামচন্দ্ৰ ৰাভা, সাংবাদিক গৌতম শৰ্মা, জুবিন গাৰ্গ আদিয়ে যোগদান কৰিব৷

সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী বিনয় কুমাৰ মেধীয়ে৷ লোক নৃত্যানুষ্ঠানত ত্ৰিপুৰা আৰু বৰপেটাৰ লোকনৃত্যৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব৷ বঁটা প্ৰদান অনুষ্ঠানত ওদালগুৰিৰ বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্ম আৰু টংলাৰ ব্যাসৰ ওজা গুণীৰাম ৰাভাক ক্ৰমে কলাগুৰু বঁটা-২০২০ আৰু ফনী শৰ্মা বঁটা-২০২০ প্ৰদান কৰিব৷ সন্ধিয়ালৈ অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ উপৰি পদ্মশ্ৰী মুকুণ্ড নায়ক আৰু সংগীবৃন্দৰ দ্বাৰা ঝাৰখণ্ডৰ লোক সংগীত আৰু নৃত্যৰ অনুষ্ঠান পৰিবেশিত হ'ব। উদ্যোক্তাসকলে এই দুদিনীয়া মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে।