অসম

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান…

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ উন্নত ফলাফলৰ চাৰ্টিফিকেটধাৰী কৃতী ছাত্ৰ-ছাত্ৰী হোৱাৰ পূৰ্বে মানৱীয় গুণ সম্পন্ন মানুহ হলেহে সমাজৰ লগতে ৰাইজৰ উপকাৰ হ'ব৷ এই মন্তব্য জেষ্ঠ সাংবাদিক নীতুমনি শইকীয়াৰ৷ ওদালগুৰি জিলাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ টংলা অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দেওবাৰে টংলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱনত অনুষ্ঠিত কৰা বিশেষ অভিনন্দন অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ আসন শুৱণি কৰি দিয়া ভাষণত জ্যেষ্ঠ সাংবাদিক শইকীয়াই কয়, ছাত্ৰ-ছাত্ৰীকলে নিজৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা আৰু সম্ভাৱনাক নিজ সামৰ্থ্যৰে উন্নত কৰি জীৱনৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত অহৰহ চেষ্টা কৰিলে সফল নোহোৱাৰ কোনো কাৰণ নাই বুলি উনুকিয়াই কেৱল ভাল ফলাফলেই সুস্থ সমাজৰ নগঢ়ে।

বৃত্তিগতভাৱে যি সেৱাতে জড়িত নহওঁক কিয় প্ৰথমে ভাল মানুহ হ'ব লাগিব বুলি তেখেতে মন্তব্য কৰে৷ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি আসনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুপ্ত হৈ থকা সক্ষমতা আৰু দুৰ্বলতা চিনাক্ত কৰি সমাজৰ হিত সাধন হ'ব পৰাকৈ নিজকে সক্ষম কৰি তোলাৰ বাবে আহ্বান জনায়৷ তেওঁ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইংৰাজী ভাষাৰ প্ৰতি থকা অহেতুক ভয় আৰু শংকা দূৰ কৰি নিৰবিচ্ছিন্নভাৱে চেষ্টা চলাই নিজৰ দুৰ্বলতা দূৰ কৰাৰ আহ্বান জনায়।

আছুৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰা সভাত কন্ঠ শিল্পী কৰিশ্মা শৰ্মা, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, উপ সভাপতি প্ৰফুল্ল হাজিৰিকা, প্ৰাক্তন সাধাৰণ সম্পাদক চাইফুল হক, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিপুল লহকৰ আদি উপস্থিত থাকে৷ অনুুুষ্ঠানত ২৬৬ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰি টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ড° পিংকুমনি কাশ্যপ আৰু ড° দীপক চক্ৰৱৰ্তীক টংলা আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনায়৷ অন্তৰংগ অনুষ্ঠানৰ আঁত ধৰে অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে ৷