অসম

টাং চু ড্যুৰ ব্লেক বেল্ট আৰু কালাৰ বেল্ট পৰীক্ষা সম্পন্ন…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম টাং চু ড্যু সন্থাৰ উদ্যোগত ঈগল মাৰ্চিয়েল আৰ্ট আৰু যোগ কেন্দ্ৰত সম্পন্ন হৈ যায় ব্লেক বেল্ট আৰু কালাৰ বেল্ট পৰীক্ষা। বেলতলাস্থিত ঈগল মাৰ্চিয়েল আৰ্ট আৰ যোগ কেন্দ্ৰত যোৱা ২৭ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ৮ গৰাকীয়ে ব্লেক বেল্ট আৰু ৫০ গৰাকীয়ে কালাৰ বেল্ট পৰীক্ষাত উত্তীৰ্ণ হয়।

ব্লেক বেল্ট লাভ কৰা সমৰকলাৰ খেলুৱৈসকল হৈছে ক্ৰমে অভিনৱ গগৈ, শাশ্বতী ভাস্কৰ, ৰিচা স্বৰ্গীয়াৰী, জেউতি ৰাগিনী দেউৰী, তুলু ডেকা, দেৱজিৎ দুৱৰী, দ্বীপজ্যোতি গগৈ আৰু শশাংক গগৈ। এই পৰীক্ষাৰ তদাৰক কৰে টাং চু ড্যপ অসমৰ মুখ্য প্ৰশিক্ষক তথা ভাৰতীয় টাং চু ড্যু সন্থাৰ কাৰিকৰী প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈয়ে।

আনহাতে এই পৰীক্ষা তদাৰক কৰে মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈ আৰু প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰে। ব্লেক বেল্ট আৰু অন্যান্য কালাৰ বেল্ট লাভ কৰা সমৰকলাৰ খেলুৱৈসকলক অসম টাং চু ড্যু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁইয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।