অসম

তামুলপুৰৰ সিদ্ধিনাথপুৰত পথ দুৰ্ঘটনাত এজন যুৱক নিহত

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ সিদ্ধিনাথপুৰত পথ দুৰ্ঘটনাত এজন যুৱক নিহত। এ এছ ০১ এ এম ৮৮৯১ নম্বৰৰ বাইকখন পথৰ দাঁতিত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় । বাইক দুৰ্ঘটনাত নিহত যুৱক জন হল নাগ্ৰীজুলিৰ ইক্রবিল গাঁওৰ সুজিত ভৌমিক(২৭)। মঙলবাৰে নিশা প্ৰায় ৬.৩০ বজাত মাহীয়েকৰ ঘৰলৈ বুলি ওলাই গৈছিল সুজিত |

পথত মাজত থকা ভঙা কালভাৰ্টৰে পাৰ হব খোজোঁতে কালভাৰ্টৰ তলত বাইক সহ পৰি মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। আজি পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে বাইকসহ সুজিতৰ মৃতদেহটো। লগে লগে স্থানীয়  ৰাইজে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰে মৃতদেহটো উদ্ধাৰ কৰে |