অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তামুলপুৰত অসম গণ পৰিষদৰ জোৰ লৈ সমদল,VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কেন্দ্ৰীয় চৰকাৰে এক পক্ষীয় ভাৱে জাপি দিব বিচৰাৰ প্ৰতিবাদত আৰু এই বিধেয়ক খন বাতিলৰ দাবীত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম গণ পৰিষদৰ তামুলপুৰ জিলা সমিতিয়ে শুকুৰবাৰে তামুলপুৰত এক জোৰ সমদল উলিয়ায়।

অসম গণ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ ঘগ্ৰাচকস্থিত কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰা এই জোৰ সমদলত তামুলপুৰ জিলা অসম গণ পৰিষদ দলৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকি হাতে হাতে জোৰ লৈ নাগৰিকত্ব সংশধনী বিধেয়ক-২০১৬ বাতিল কৰক, সৰ্বানন্দ সোনোৱাল লেই-লেই,চেই-চেই, নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি চৰকাৰ মূর্দাবাদ, আমাৰ দাবী নাৰ্য্য দাবী, অসম চৰকাৰ হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে হাতত জোৰ লৈ তামুলপুৰ ঘগ্ৰাচক, তামুলপুৰ বজাৰ চক পৰিভ্ৰমণ কৰি পুনৰ অসম গণ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ কাৰ্যালয়লৈ উভতি আহে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ সমাপন কৰে।