অসম

তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ গুৱাবাৰীৰ পৰা কাউলী আৰু কুমাৰীকাটা সংযোগী পথৰ মাজত থকা মটঙা আৰু বাল্টি নৈত আজিকোপতি এখন দলং নিৰ্মান নোহোৱাক লৈ ৰাইজে শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ। 'অসম চৰকাৰ হায় হায়', 'গড়কাপ্তানী বিভাগ হায় হায়', 'আমাক দলং লাগে দলং দিয়ক' আদি শ্লোগান দি নৈৰ পানীৰ মাজতে থিয় হৈ প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নৈ দুখনৰ বুকুত এখন দলং নিৰ্মান নোহোৱাৰ বাবে প্ৰতিবছৰে ৰাইজ জীয়াতো ভুগি আহিছে যদিও দৃষ্টি দিয়া নাই বিভাগীয় লোক কিম্বা স্থানীয় জনপ্ৰতিনিধিয়ে। নৈৰ ওপৰত ৰাইজে ৫ লাখ টকা খৰচ কৰি যোৱা বছৰ এখন দলং নিৰ্মান কৰি ওলাইছিল যদিও পুনৰ ভাবুকি সৃষ্টি কৰিছে নৈৰ বাঢ়নী পানীয়ে। যাৰ বাবে ইতিমধ্যে বাঁহৰ দলং খনৰ ওপৰেদি যাতায়ত বন্ধ কৰি দিছে পৰিচালনা সমিতিয়ে।

নৈৰ বাঢ়নী পানীৰ বাবে যাতায়ত স্তব্ধ হৈ পৰিছে ৪০ হাজাৰৰো অধিক লোকে অহা-যোৱা কৰা পথটো। ইফালে, ভূটানৰ পৰা হুৰাহুৰে বাঢ়িবলৈ ধৰিছে নৈৰ জলপৃষ্ঠা। শেহতীয়াকৈ বাঁহৰ দলংখনৰ ওপৰেদি যাতায়ত বন্ধ কৰিছে যদিও একাংশ লোকে বিপদ সংকুল ভাবেই পাৰ হ'ব লৈছে দলং।