অসম

তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ মহকুমাৰ ভূটান সীমান্তৰ বিমলা নগৰত বৃহস্পতিবাৰে দিনৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয়  গংগা চৰন ৰয়(২৭) নামৰ এজন যুৱক।  বৃহস্পতিবাৰে দিনৰ ভাগত বিমলা নগৰৰ শুকলাল ৰায়ৰ পুত্ৰ গংগা চৰন ৰয়ে পাহাৰৰ কাষতে গৰু এৰাল দি  পাহাৰৰ  ওচৰতে থকা নিজৰা এটাত হাত ভৰি ধুবলৈ যায় ৷

হাত ভৰি ধুই থাকোতে হঠাৎ পাহাৰৰ পৰা নামি অহা  এটা বনৰীয়া হাতীয়ে যুৱক জনক খেদি অহাত যুৱকজনে দৌৰা পলাব খোজোতে উজুতি খায় পৰি যোৱাত হাতীয়ে যুৱক জনক গচকি দিয়াত ঠাইতে নিহত হয় যুৱকজন ৷ পৰৱৰ্তী সমূত নিজৰাৰ বুকুত পৰি থকা যুৱক জনৰ মৃতদেহ পৰি থকা দেখি কোনো লোকে স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকক খবৰ দিয়ে ৷

পিচত স্থানীয় লোকে নাগ্ৰিজুলী আৰক্ষী চকীৰ লগতে বনবিভাগৰ লোকক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷  ঘটনা উমান পাই নাগ্ৰীজুলি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আনে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে বিগত কিছুদিন ধৰি পাহাৰৰ দাতিত বনৰীয়া হাতীৰ বৃহৎ জাক এটাই  অৱস্থান কৰি থকাৰ লগতে দিনৰ পোহৰতে নামনি অঞ্চলত বিচৰন কৰি থকাত অঞ্চলটোৰ ৰাইজে পাহাৰৰ দাতিত গৰু-ছাগলী এৰাল দিবলৈ যাৱ নোৱাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷