অসম

তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘিলিপাৰত শনিবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সন্ধিয়া ৭ মান বজাত দিঘিলিপাৰ গাঁৱৰ জিতেন দাসৰ পুত্ৰ ৰূপান্তৰ দাসে(৩৫) নিজ গৃহৰ পৰা ৰঙিয়া-ভূটান পথেৰে খোজকাঢ়ি দোকানলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

ভুটানৰ পৰা ৰঙিয়া অভিমুখি এএছ০১-ডিজে-০৪৮৩ নম্বৰৰ এখন তীব্ৰবেগী পালছাৰ বাইকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰতৰভাৱে আহত হয় ৰূপান্তৰ দাস৷ গুৰুতৰভাৱে আহত ৰূপান্তৰ দাসক স্থানীয় লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

দূৰ্ঘটনা সংঘটিত কৰিয়েই বাইক আৰোহী কেইজনে বাইকখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ পিছত দূৰ্ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাইকখন উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰু বাইক খনৰ গৰাকীৰ অনুসন্ধান অব্যাহত ৰাখে।