অসম

অখিল গগৈৰ লগতে সকলো ‘কা’ বিৰোধী কাৰাৰুদ্ধক বিনাচৰ্তে মুক্তিৰ দাবী টাইপাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সভাপতি দিলিপ গগৈ নিৰ্দেশ মৰ্মে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈ ডাঙৰীয়াই ১০ হাজাৰ টকাৰ এখন চেক অখিল গগৈৰ আইনী যুদ্ধৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়া আৰু সম্পাদক ধৈৰ্য্য কোঁৱৰৰ হাতত অৰ্পন কৰে। লগতে উপস্থিত থাকে টাইপা আৰু টাই আহোম মহিলা পৰিষদৰ সদস্য সকল ৷

জাতিৰ স্বাৰ্থত আপোচ নকৰাৰ বাবে চৰকাৰে আক্ৰোশমূলক ভাবে অখিল গগৈ ডাঙৰীয়াক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি টাইপাৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে জনায় ৷ কেৱল অখিল গগৈয়ে কা বিৰোধিতা কৰা নাছিল, অসমৰ সমগ্ৰ ৰাইজে 'কা'ৰ বিৰোধিতা কৰিছিল ৷ বহু জাতি জনগোষ্ঠীয় নেতায়ো 'কা'ৰ বিৰোধিতা কৰিছিল ৷ কিন্তু কি স্বাৰ্থত বি জে পি চৰকাৰে অখিল গগৈক আজি পৰ্যন্ত কাৰাৰুদ্ধ কৰি ৰাখিছে ৷

কেবল জাতিৰ বাবে, অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত মাত মতা বা আন্দোলন কৰি তেওঁ মহা অপৰাধ কৰিছিল নি ? অসমীয়া ভবিষ্যত সুৰক্ষা কথা চিন্তা কৰাটো তেওঁৰ অপৰাধ আছিল নেকি ৷ নে চৰকাৰে অখিল গগৈলৈ ভয় কৰে ? আগন্তুক নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াই চৰকাৰৰ অংকত আওল লগাব বুলি ভয় কৰে নি ? নহলেনো কি কাৰণত অখিল গগৈ আজি পৰ্যন্ত মুকলি কৰি দিয়া হোৱা নাই বুলি প্ৰশ্ন কৰিছে টাই আহোম যুৱ পৰিষদে৷

গোচৰৰ ওপৰত গোচৰ জাপি দিয়া হৈছে৷ চৰকাৰে কেবল নিজৰ আক্ৰোশ পূৰণ কৰিবৰ বাবে অখিল গগৈক জেলত ভৰাই নিৰ্যাতন চলাই আছে ৷ কিন্তু চৰকাৰে পাহৰাৰ উচিত নহয় যি মান দিনলৈ অখিল গগৈক জেলত ৰাখিব সিমানেই ৰাইজৰ আদৰ বুতলিবলৈ সক্ষম হ'ব আৰু গাওঁয়ে গাওঁয়ে জনপ্ৰিয়তা বাঢ়িব ৷ টাইপাৰ স্পষ্ট দাবী অসমৰ আপোচবিহীন নেতা অখিল গগৈ ডাঙৰীয়াৰ লগতে সকলো কা বিৰোধী কাৰাৰুদ্ধক বিনাচৰ্তে অতি সোনকালে মুক্তি দিব লাগে ৷