অসম

আঙুৰলতা ডেকাক টাই আহোম মহিলা পৰিষদৰ সকিয়নিঃ ক্ষমা খুজাৰ দাবীৰে প্ৰতিকৃতি দাহ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আঙুৰলতা ডেকাই উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়াৰ বিৰুদ্ধে আজি টাই আহোম মহিলা পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰ লেতা ডেকাৰ উদ্যোগত ২৯ জুলাই শুকুৰবাৰে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আহোম জাতিক মুৰ্দাবাদ বুলি কৈ জাতিটোক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম মহিলা পৰিষদে।

সেয়েহে আজি পৰিষদৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে তেওঁৰ এই কাৰ্যক গৰিহণা দিয়ে। ইয়াৰ উপৰিও আঙুৰলতা ডেকাক ক্ষমা খুজিবলৈ দাবী জনাইছে। ভৱিষ্যতে আহোম জাতিৰ ওপৰত কোনো বিৰূপ মন্তব্য নকৰিবলৈও টাই আহোম মহিলা পৰিষদে সকিয়াই দিছে।