অসম

বেলতলাৰ বাসগৃহতে শনিবাৰে থাকিব শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰদেহ, দেওবাৰে ঘূণাসুঁতিত হ’ব অন্ত্যেষ্টিক্ৰিয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক টাবুৰাম টাইডৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব দেওবাৰে। এপ'ল হাস্পতালত শুকুৰবাৰৰ পুৱা ৭.৩০ বজাত মৃত্যু হোৱা টাবুৰাম টাইডৰ নশ্বৰ দেহ বৰ্তমান ৰখা হৈছে বেলতলাৰ বাসগৃহত।

শিক্ষাবিদগৰাকীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বাসগৃহতেই। ভূৱন পেগু, প্ৰদান বৰুৱাকে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে টাবুৰাম টাইডৰ নশ্বৰ দেহত মাল্যৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

শিক্ষাবিদ তথা ভাষাবিদ গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই তেওঁৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ঘূণাসুঁতিৰ জন্মস্থানত দেওবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ বেলতলাৰ বাসগৃহৰ পৰা নশ্বৰদেহ হেলিকপ্টাৰেৰে গোগামুখলৈ নিবলৈ যোগাযোগ চলাই থকা হৈছে। এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই।