অসম

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দাঃ অকাল মৃত্যু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ

Asomiya Pratidin

ডিজিটেল  সংবাদ, ঢকুৱাখনা: এজন শক্তিশালী উদ্দাত্ত ছাত্ৰ কণ্ঠৰ আকস্মিক দেহাবসান ।লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ  আৰু নাই ।

বৃহস্পতি বাৰে নিশা প্ৰায় ১২বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কণা নদীৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত ছাত্ৰ নেতা জনৰ অকাল বিয়োগ ঘটে।

ছাত্ৰ নেতা গৰাকীয়ে এ এছ ০৭ -  টি -১৯৮৫ নম্বৰৰ এখন চুইফট গাড়ীৰে গোগামুখ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। গগৈৰ গাড়ীখনে এডাল গছত খুন্দিয়াই পথাৰলৈ বাগৰি যায় ।

পৰিণতিত ঘটনাস্থলীতে বলিষ্ঠ কণ্ঠৰ ৩২ বছৰীয়া ছাত্ৰ নেতা গৰাকীৰ মৰ্মান্তিক বিয়োগ ঘটে।

সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী আপোচবিহীন ছাত্ৰ শক্তি হিচাবে সৰ্বপৰিচিত স্বৰাজ শংকৰ গগৈয়ে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ,সম্পাদক ,ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক  সদস্য হিচাবেও ছাত্ৰ সংগঠনটোক অন্যন্য গতিশীলতা প্ৰদান কৰি গৈছে।

ঢকুৱাখনা নগৰৰ চাউৰেকীয়া গাঁওৰ ভদ্ৰ কান্ত গগৈ আৰু পূৰবী গগৈৰ জ্যেষ্ঠ পুত্ৰ স্বৰাজ শংকৰ গগৈ ঢকুৱাখনাৰ সৰ্বাংগীন উন্নয়নয়ৰ এগৰাকী সন্মুখৰ সদা সক্ৰিয় যোদ্ধা হিচাবে বৰেণ্য অৱদান আগবঢ়াই গৈছে সকলোৰে আদৰৰ ছাত্ৰ নেতা গৰাকীয়ে।

ছাত্ৰ নেতা গৰাকীৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ লখিমপুৰ জিলাতে শোকৰ বন্যা বোৱাইছে । ঘটনাৰ খবৰ পাই জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ঢকুৱাখনাৰ অভিভাৱক আত্মীয় স্বজনে লখিমপুৰলৈ ৰাওনা হয় । আৰক্ষীয়ে ছাত্ৰ নেতা গৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰলৈ নিয়ে ।

সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়তে ৰখা হৈছে ছাত্ৰ নেতা গৰাকীৰ নশ্বৰ দেহ । চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাঙ্গনলৈ অগণন সতীৰ্থ ,গুণমুগ্ধৰ আগমন ঘটিছে । এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে চিকিৎসালয় চৌহদ । সম্প্ৰতি ছাত্ৰ নেতা গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব আৰু পৰৱৰ্তী সময়ত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নশ্বৰ দেহ নিয়া হ'ব ।