অসম

জ্যেষ্ঠ সাংবাদিক স্বপ্না বেজবৰুৱাৰ নৱতম গ্ৰন্থ ‘ছাত্ৰ ৰাজনীতিৰ পৰা দিছপুৰলৈ’ উন্মোচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে সন্ধিয়া চান্দমাৰী খেলপথাৰত গ্ৰন্থমেলাত জ্যেষ্ঠ সাংবাদিক স্বপ্না বেজবৰুৱাৰ নৱতম গ্ৰন্থ 'ছাত্ৰ ৰাজনীতিৰ পৰা দিছপুৰলৈ' উন্মোচন কৰা হয়। উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ এদল ছাত্ৰই।

ছাত্ৰ ৰাজনীতিৰ মাজেৰে গৈ দিছপুৰৰ গাদী দখল কৰা প্ৰায় ২৫ গৰাকী ন-পুৰণি ৰাজনীতিবিদৰ বিষয়ে তথ্যসমৃদ্ধ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ আগশাৰীৰ প্ৰকাশন আঁক বাকে। প্ৰায় ১৬০ পৃষ্ঠাৰ গ্ৰন্থখন উন্মোচন কৰি কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ ৰাহুল গৌতম শৰ্মাই কয়, কিতাপখন আজি উন্মোচন কৰিলোঁ, এতিয়া কিতাপখনে নতুন নতুন কথা উন্মোচন কৰক।

নৱপ্ৰজন্মৰ আন এজন প্ৰতিভাৱান ছাত্ৰ ত্ৰিদিৱ ভাগৱতীয়ে কয়, ছাত্ৰ ৰাজনীতিৰ মাজেৰেই উত্থান ঘটা ৰাজনীতিবিদসকলৰ দ্বাৰাই অসমৰ বিগত দশককেইটাৰ ৰাজনীতি পৰিচালিত হৈছে – সেইবাবেই গ্ৰন্থখন বিগত দশককেইটাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ বৰ্ণনাৰে সমৃদ্ধ হৈছে। ব্যতিক্ৰমী আৰু অনানুষ্ঠানিক ভাৱে আয়োজিত উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, প্ৰাণজিত শইকীয়া, যুৱ সাহিত্যিক অভিজিত বৰা, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ উন্মিলন কলিতা লগতে বহুজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।