অসম

উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী নিৰঞ্জন চৈতন আৰু বৈষ্ণুদেৱী, ইষ্কন মন্দিৰ, অযোধ্যাৰ ৰাম মন্দিৰ, আৰু স্বামী নাৰায়ণ মন্দিৰৰ আজীৱন সদস্য স্বামী অজয় যোগীয়ে শনিবাৰে নিশা বটদ্ৰৱা থান দৰ্শন কৰে। জগত গুৰু শংকৰদেৱৰ জন্মভীঠা বটদ্রৱা থানত উপস্থিত হৈ গুৰু জনাৰ প্রাচীন কীৰ্তি চিহ্ন আকাশী গংগাৰ নৈসৰ্গিক শোভা, কীৰ্তনঘৰ, পুৰণি শিলিখা বৃক্ষ, উনবিংশ শতিকাৰ প্রাচীন স্থাপত্য শিল্প, পদশিলা, টেম্বুৱানী জান ইত্যাদি নয়ন ভৰি উপভোগ কৰে দুয়োগৰাকীয়ে।

ভাৰতৰ প্ৰাচীনতম সংস্কৃতি, সভ্যতাক সমগ্ৰ বিশ্বত পৰিচয় কৰাই দিয়াৰ মানসেৰে একাগ্ৰতাৰে গৱেষণা মূলক প্ৰচাৰ প্ৰসাৰৰ হকে কাম কৰি থকা পণ্ডিত দুইগৰাকীয়ে বটদ্রৱা থান খনিক হৃদয়ৰ মানসপটত আজীৱন জীপাল কৰাৰ মানস কৰি পুনৰ আগমনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বটদ্রৱা থানত পৰিচালনা সমিতিৰ হৈ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সত্রৰ পৰিচয় সম্বদ্ধীয় ইংৰাজী গ্রন্থ আৰু ধৰ্ম বস্ত্রৰে জনোৱা অভিনন্দন গ্ৰহন কৰি পৰ্যটক দুগৰাকীয়ে অদূৰ ভবিষ্যতে গুৰুজনাৰ জন্মস্থান দৰ্শন কৰিবলৈ আহিলে কীৰ্তনঘৰৰ নাম প্রসংগত অংশ লোৱাৰ দুৰ্বাৰ হেপাঁহৰ কথা ব্যক্ত কৰে।

শংকৰদেৱৰ দৰে যুগদ্রষ্টা গৰাকীৰ জন্মস্থান দৰ্শনৰ বাবে দেশী, বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে মনোৰম প্রকৃতিৰ অনিন্দ সুন্দৰ পৰিবেশ, সাংস্কৃতিক ঐতিহ্য, প্রচাৰ প্রসাৰৰ এক সুন্দৰ গতিশীল পৰিবেশ সূচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বটদ্ৰৱা দৰ্শনৰ সময়ত লাভ কৰা অভিমত সংবাদিকৰ ওচৰত ব্যক্ত কৰে। বটদ্রৱা থান দৰ্শন কালত পৰ্যটক কেইগৰাকীক সংগ দিয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, বিশিষ্ট সমাজকৰ্মী তপন দাস, সাংবাদিক দিব্যজ্যোতি বৰুৱা, অমৰ জ্যোতি কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে।