অসম

কবিতা ১১/ স্বগত

asomiyapratidin

মনোজ কুমাৰ গোস্বামী

এই যে আত্মহত্যা নকৰাকৈ
জীয়াই আছো
ওঁঠত ধৰি ৰাখিছোঁ হাহিঁৰ বিজ্ঞাপন-
মইতো তামাম আছো,
তোমাৰ কি খবৰ ভাই!
এয়াওতো একধৰণৰ সফলতাই !!

প্ৰেম সংঘাত সুখ দুখ মচি যোৱা
বিবৰ্ণ এই পৃথিৱীত
ক্ৰমশ নিজৰ পৰা আহিছোঁ আঁতৰি
কীটৰ দৰে এই যে আছো জীয়াই
স্মাৰ্ট ফোন-নিমগ্ন সময় কটাই
এয়াওতো একধৰণৰ বিলাসীতাই ।

যিয়ে যি কৈছে মানি লৈছোঁ
মাজে মাজে যন্ত্ৰবৎ
বজাইছো হাত চাপৰি,
কোনো অজান প্ৰাপ্তিৰ প্ৰত্যাশাত
মস্তিষ্কয়ো আৰু চোন নকৰে আমনি!
এয়াওতো একধৰণৰ সফলতাই !!

সৰ্পিল কিউত থিয় হৈ
দুপালি ভেকচিন লৈছোঁ
বাৰে বাৰে নিৰ্বোধৰ দৰে
নিজকে পৰীক্ষা কৰিছোঁ,
অক্সিজেন চিলিণ্ডাৰ বিচাৰি ফুৰিছো,
আকৌ নতুন ভেৰিয়েন্ট আহিব বুলি
দেখুৱাইছো অলপ উদ্বেগ।
নিতৌ পুৱা অলপ যোগ,
নিশা দুটা পেগ !
এয়াওতো একধৰণৰ বিলাসীতাই!

এই যে আত্মহত্যা নকৰাকৈ
আছো জীয়াই ,
স্বাদ- গন্ধ- স্বপ্নহীন এই কৃতঘ্ন পৃথিৱীত
এয়াওতো একধৰণৰ সফলতাই !