অসম

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানত নেহৰু যুৱ কেন্দ্ৰৰ চাফাই অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে সমগ্ৰ দেশতে ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ স্বচ্চ ভাৰতৰ কাৰ্যসূচী চলোৱা হয়। তাৰেই অংশ হিচাপে নগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত স্বচ্চ ভাৰত অভিযানৰ কাৰ্যসূচী সম্পন্ন কৰা হয়।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত এই চাফাই অভিযানৰ কাৰ্যসূচীত নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উপসঞ্চালক প্ৰমথেশ চক্ৰৱৰ্তী, গাননিক আৰু কাৰ্যসূচী বিষয়া ইকবাল বাহাৰ চৌধুৰী, ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খণ্ড সমন্বয়ক আভিজিত ৰাজখোৱা, নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ, নেহৰু যুৱ কেন্দ্ৰৰ ২৫ গৰাকী সেচ্ছাসেৱী-সেচ্ছাসেৱীকাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামী, উপসভাপতি কন্দৰ্প কুমাৰ কলিতা, সম্পাদক মাজিদুল ইছলামকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।