অসম

স্বচ্ছ সৰ্বেক্ষণ ২০২১ঃ অসমৰ কোন ৯ চহৰৰ আছে নাম, পঢ়ক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ বিজ্ঞান ভৱনত শনিবাৰে অনুষ্ঠিত স্বচ্ছ অমৃত মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত স্বচ্ছ সৰ্বেক্ষণ ২০২১ ঘোষণা কৰা হয়। স্বচ্ছ ভাৰত মিছন-গ্ৰাম্যৰ অধীনত হোৱা এই ফলাফল ঘোষণা কৰা হয়। ষষ্ঠ তম বিশ্বৰ সৰ্ববৃহৎ গ্ৰাম্য স্বচ্ছতা সমীক্ষাৰ তথ্য অনুসৰিয়েই ৰাষ্ট্ৰপতিয়ে স্বচ্ছ সৰ্বেক্ষণ ২০২১ৰ ফলাফল ঘোষণা কৰে।

উল্লেখ্য যে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতি বছৰে স্বচ্ছতাৰ আধাৰত স্বচ্ছ সৰ্বেক্ষণ নামেৰে তালিকা গঠন কৰি ঘোষণা কৰে। ইয়াৰ অধীনত ৪৩২০খন চহৰ, ৬২খন কন্টেনমেন্ট বৰ্ড আৰু ৯৭খন গংগা টাউন অন্তৰ্ভুক্ত কৰে আৰু তাৰে স্বচ্ছতাৰ ওপৰত দৃষ্টি ৰাখে।

গৌৰৱৰ কথা যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ ৯ চহৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এই তালিকাত নাম আছে ক্ৰমে- তেজপুৰ, যোৰহাট, বঙাইগাঁও, তিনিচুকীয়া, কোকৰাঝাৰ, গোলাঘাট, হাফলং, হাইলাকান্দি আৰু লক্ষীপুৰ (কাচাৰ)।