অসম

এজোপা বৃক্ষৰ ছাঁ

asomiyapratidin

♦ দীপিকা দাস কলিতা

দেউতাকক পথাৰত কামত সহায় কৰা মহুৱাহঁতক থাকিবলৈ বনোৱা, ছমাহে নদীৰ পানীত ডুব গৈ থকা, এৰালপৰীয়া ঘৰটোতে যোৱা নিশা সৰুপুত্ৰই অচিন্তক বিসৰ্জন দি গৈছে।

ভগা খিৰিকিখনেৰে পোহৰ সোমাই আহিছিলে কোঠাটোত। উৱলি যোৱা সৰিয়হ বৰণীয়া পৰ্দাখনৰ সৰু সৰু ফুটাবোৰেদি সৰকি আহিছিল ৰ'দৰ আভা। সেই পোহৰ চকুত লগাত হাতৰ তলুৱাৰে হেঁচি ধৰি অচিন্তই লাহেকৈ চকুযুৰি মেলিছিল আৰু জপাইছিল। ভিজা মজিয়াৰ সেমেকা সেমেকাবোৰ আৰু বহুদিন বন্ধ হৈ থকা ঘৰটোৰ পৰা এটা ভেকেটা ভেকেট গোন্ধ নাকত আহি লাগিছিলহি। অচিন্তই লাহেকৈ থিয় দি চালে। ৰুগ্নপ্ৰায় কোঠাটোত এটা খুড়া ভঙা চকী এখন, খাটীয়া এখন আৰু ভগা ট্ৰাংক এটা বিদ্যমান। ইয়াতকৈনো আৰু কি সম্পত্তি লাগে। "যথেষ্ট… যথেষ্ট…", বুলিয়ে তেওঁ আতৰি গ'লগৈ।

বাহিৰত আগনিশাৰ মুষলধাৰ বৰষুণৰ চিন। শেলুৱৈ ধৰা মাটিবোৰে কিছুদিন আগতে পানী তলৰ পৰা ওলাই অহাৰ স্বাক্ষৰ বহন কৰিছে। উকিয়ালেও কোনোৱে মাত নুশুনা দুৰত্বত আজি তেওঁৰ নতুন ঠিকনা। এনে বোধহয় যেন এটি নিৰ্জন দ্বীপত নিৰ্বাসন দিয়া তেওঁহে একমাত্ৰ জীৱ। গছ-গছনিৰ মৰমতে সৰ্বস্ব হেৰুৱা তেওঁৰ চৌপাশে আজি মাথো এডালেই বৃক্ষ… আহঁত এজোপা। দেউতাকৰ হাতত ধৰি নামঘৰৰ বছৰেকীয়া দান বৰঙণিৰ এটা অংশৰে গছপুলি ৰোপণ কৰাৰ এটি মাথো চিন এই আহঁতজোপা। অকলেই মুৰ দাঙি ৰৈ আছে এই মৰিশালিৰ মাজত। যুদ্ধত হৰা সেনানীৰ দৰে আনবোৰ গছৰ কোনোজোপা পচি গৈছে নতুবা কোনোজোপা শুকাই কেৱল মৰা ডালবোৰহে হাত ভৰি মেলি যেন কিম্ভূত কিমাকাৰ ৰূপ লৈ আছে।

ঘৰটোৰ পৰা অলপ আতঁৰতে ৰাষ্ট্ৰীয় ঘাইপথটো। কাকতে পত্ৰই কিমানবাৰ কিমানজনে লিখিও অদুৰ ভৱিষ্যতে গৰাখহনীয়াত নিচিহ্ন হব বিচৰা পথটিৰ মেৰামতিৰ বাবে কোনেও আগুৱাই অহা নাই এই পৰ্য্যন্ত। অচিন্ত সেই পথটিলৈ আগবাঢ়ি গ'ল। হাজাৰ হাজাৰ গছ কাটি পথৰ দাঁতিত পেলাই থৈ গৰাখহনীয়াৰ লগত যেন তয়াময়া ৰণ চলাই নিছে। অথচ সেই কাটি থোৱা গছবোৰৰ সলনি নতুন গছ… নাই এজোপাও নাই দুৰ দুৰণিলৈ।

উদং গছৰ মুড়াবোৰে যেন নিৰবধি চকুলো টুকিছে। সেই চকুলোৱে অচিন্তৰ বুকু চিৰাচিৰ কৰি দহি গৈছে। জেপ খুচুৰি অচিন্তই টকা পাঁচশ পালে। যোৱাকালি সৰুটো পুতেকে হাতত গুজি দি কৈছিল, "এইয়াই শেষ। কিবা বস্তু দৰকাৰ হলে কিনি ল'বা। তোমাৰ সেই অলাগতিয়াল ধন ভাঙি গছপুলি ৰোৱা আৰু বিতৰণ কৰা, সেইবোৰৰ আপডাল কৰাৰ নামত সৰ্বস্বান্ত হোৱাৰ মন নাই আমাৰ। যদি নিজৰ খাবলৈয়ে টনা আজোৰা, তেন্তে এনেবোৰ পৰোপকাৰৰ নামত তোমাৰ পাগলামি এতিয়া সহ্যৰ বাহিৰত। সচাঁকৈ কৈছো আমাক শান্তিত থাকিবলৈ দিয়া। আজিৰপৰা তুমি ইয়াতে থাকিবা।

" আঁতৰি গৈছিল সৰু পুতেক। অচিন্তই ভাবিলে হয় চাগে বহু কষ্ট দিলো সিহঁতক। কিন্তু সিহঁতেনো কেনেদৰে বুজিব… গছবোৰ যে মই সিহঁতৰ লৰা-ছোৱালীলৈয়ে ৰুইছো। গছ কাটি কাটি কেৱল ডাঙৰ ডাঙৰ অট্টালিকা সজা মানুহবোৰে কেনেদৰে বুজিব গছৰ মূল্য! সেই পৰিৱৰ্তন মই লক্ষ্য কৰিছো… কেনেদৰে মোৰ শৈশৱৰ সেউজীয়াবোৰ নোহোৱা হৈছে, কেনেদৰে জলবায়ুৰ পৰিৱৰ্তন হৈছে, কেনেদৰে বৰ্ষা-শৰৎ আদি ঋতুবোৰৰ সময়ৰ সালসলনি হৈছে !

মই দেখিছোঁ, শাৰদীয় দূৰ্গা পূজাতে নামি অহা ঠাণ্ডাবোৰ আতঁৰাবলৈ আমি চুৱেটাৰ পিন্ধি আগতে পূজা চাবলৈ গৈছিলো। গৰমত এজোপা ডাঙৰ গছৰ ছাঁত বহিয়ে দেহা শাঁত পেলাইছিলো। কেনেদৰে বুজিব সিহঁতে প্ৰকৃতিৰ এই নীৰৱ বিপ্লৱ! মোক পাগল বোলে! হয় মই পাগল, কাৰণ মই গছ ভাল পাওঁ। কাৰণ মই ভালপাওঁ এই প্ৰকৃতিক। হাতত থকা টকাকেইটাৰে বহুতো সৰু বৰ গছৰ পুলি কিনি আনিলে তেওঁ। আৰু তাৰপৰাই আৰম্ভ কৰিলে… ১,২,৩… ৰুই গ'ল তেওঁ। মাথো ৰুই গ'ল… গছবোৰ। অহা আহিছে,যোৱা গৈছে। দিনে নিশাই গছ ৰুই থকা মানুহজনলৈ পথচাৰীবোৰে চাই হাঁহিছে আৰু 'পাগল পাগল' বুলি জোকাইছে। তথাপি অচিন্ত যেন অবিচল। আকৌ কিছু সেউজীয়াৰে জীপাল হৈ উঠিবলৈ। আৰু কিছু ভাললগাবোৰ হেপাঁহ পলুৱাই চাবলৈ। নিজে ৰোপণো কৰিছে, প্ৰতিপালনো কৰিছে।

চৰ্চা সকলোৰে থাকে, ভালৰো বেয়াৰো…। চৰ্চা নিবিচৰাকৈয়ে নানা ঘাত প্ৰতিঘাত তথা সংগ্ৰামৰ মাজেৰে ভাললগাবোৰৰ মাজত নিজকে হেৰুৱাই পেলোৱা শিক্ষক অচিন্ত… পুনৰ সোতৰটা বছৰ পিছত চৰ্চিত হৈছে বৃক্ষপ্ৰেমী ৰূপে। হয় আজি বিশাল মঞ্চখনত কোনোবাজনে তেওঁক চিনাকি কৰাই দিছে… 'এওঁ… অচিন্ত বৰুৱা। কেতিয়াও প্ৰচাৰ নিবিচৰা এজন মাটিৰ মানুহ, প্ৰকৃতিৰ মানুহ। এজন নীৰৱ শিল্পী সেউজীয়া বিপ্লৱৰ। চৰকাৰে এওঁলৈ আগবঢ়াইছে…।"

হাতচাপৰিত চৌদিশ মুখৰিত হৈ উঠিছে। অচিন্তই উপহাৰ পোৱা চৰকাৰী সকলো ধন পুনৰ সেউজীয়াবোৰৰ বাবে সংগঠন এটাক দান দি মঞ্চখনৰ পৰা নামি আহিছে। আগবাঢ়ি গৈছে দেউতাকৰ এৰালপৰীয়া ভেটিটোলৈ…, যি আজিকালি এখন সেউজীয়াৰ উপত্যকা। নিৰ্জনতাবোৰ এতিয়া চৰাইবোৰৰ কলৰৱত মুখৰিত। নৈয়েও পাৰৰ মাটি খহাই নিব নোৱাৰাকৈ গছৰ শিপাই খামুচি ধৰি জীয়াই ৰাখিছে তেওঁৰ হেপাঁহৰ ঠিকনা।

অচিন্তৰ মনত পৰিল… দেউতাকে যে কৈছিল, সন্মান আৰ্জিলে বাকিবোৰ নিজে নিজেই আহিব। সেই নিশা দুৰৈৰ পাহাৰখনৰ পৰা শব্দ এটা ভাহি আহিছিল। পুৱা অচিন্তই গৈ দেখে যে লঠঙা পাহাৰখন, যিখন তেওঁ দিন ৰাতি একাকাৰ কৰি শাল, চেগুন, গামাৰিৰে সেউজীয়া কৰি তুলিছিল। সেইখন আজি পুনৰ লঠঙা। কোনোৱে চোৰাংভাৱে সেই বিশাল বিশাল গছবোৰ গুৰিতে কাটি আজি আকৌ উদং কৰি লৈ গ'ল।

বুকুৰ মাজত বিষ এটা উজাই আহিছিল… ক্ৰমাৎ আৰু উজাইছিল… আৰু… আৰু…। অচিন্ত ঢলি পৰিছিল সেই সেউজীয়া সৰি পৰা পাতবোৰৰ মাজত। পাতবোৰে সামৰি লৈছিল আলফুলে তেওঁক। গছবোৰৰ দৰেই তেওঁৰো নিশ্বাসো স্তব্ধ হৈ ৰৈছিল। সময় যেন প্ৰস্তৰ শিলামুৰ্তি হৈ ৰৈ সেই শোক বহন কৰি ৰৈছিল। সেই মাটিতে বিলীন হৈ গৈছিল বৃক্ষক ছাঁ দিয়া এজোপা বৃক্ষৰ। অন্ত হৈ গৈছিল চিৰকাললৈ আদৰ্শৰে ভৰা এটি নীৰৱ সত্বাৰ।