- দেওবাৰে বিজেপিত যোগদান কৰিব সুশান্ত বৰগোহাঁইয়ে!
- কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বিধায়কগৰাকীয়ে ত্যাগ কৰিছে বিধায়কৰ পদ।
- থাওৰা সমষ্টিৰ বিধায়ক আছিল সুশান্ত বৰগোহাঁই।
- মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ পাছতেই সুশান্ত বৰগোহাঁইয়েও বিজেপিত যোগদানৰ চৰ্চা চলি আছিল।
- বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পদত্যাগী বিধায়কজনে ২ আগষ্টত বিজেপিত যোগদান কৰিব বুলি ঘোষণা কৰিছিল যদিও ১ আগষ্ট, দেওবাৰেৰ বিয়লি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
- সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰি বিজেপত যোগদান কৰিব বুলি উল্লেখ কৰিছিল সুশান্ত বৰগোহাঁইয়ে।
- কংগ্ৰেছৰ এইগৰাকী যুৱ নেতাৰ বিজেপি গমনে দলটোক ক্ষতি কৰিব বুলি চৰ্চা চলিছে।
- উজনি অসমৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেতা আছিল সুশান্ত বৰগোহোহাঁই।