অসম

চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ দেহাৱসান

asomiyapratidin

ডিজিটেল সংবাদ, জাজৰিঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ জাজৰি নিবাসী চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ যোৱা ১৫ আগষ্টত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।

ছাত্ৰাৱস্থাৰে পৰা ৰাজহুৱা কাম-কাজৰ সৈতে জড়িত মহন্তই ৰাজ্যৰ বাওপন্থী আন্দোলনতো উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। বাও আদৰ্শৰে অনুপ্ৰাণিত মহন্তই জীৱনৰ শেষ দিনটোলৈকে বিভিন্ন সামাজিক কাম-কাজৰ সৈতে নিয়োজিত কৰি ৰাখিছিল।

মৃত্যুৰ সময়ত মহন্তই তিনি পুত্ৰ-বোৱাৰী আৰু একমাত্ৰ কন্যাক এৰি থৈ যায়। মহন্তৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ জাজৰি অঞ্চলৰ গুণমুগ্ধসকলে তেওঁৰ বাসগৃহত আহি ভিৰ কৰে। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।